/asomiyapratidin/media/media_files/2025/04/30/UpUNvzOPSemMULnfz4HW.jpg)
new ap web 2 (3) Photograph: (new ap web 2 (3))
ডিজিটেল ডেস্কঃ ১মে', শ্ৰমিক দিৱসৰ সমান্তৰালভাৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ইহলীলা সম্বৰণ কৰিছিল এই দিনটোতে। ২০২৫বৰ্ষত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ১২৯ সংখ্যক মৃত্যু তিথিত সমগ্ৰ ৰাজ্যৰ লগতে তেওঁক স্মৰণ কৰা হব গুৱাহাটী বিশ্ববিদ্যালতো।
বিশ্ববিদ্যালয়ৰ চৌহদত থকা প্ৰতিমূৰ্তিস্থলীত প্ৰতিবছৰৰ দৰে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে ভাষাৰ ওজা গৰাকী পৰিয়ালৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত হব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। উল্লেখ কৰা প্ৰয়োজন যে, এই অনুষ্ঠানটোতে ৰাজ্যৰ বহু সংখ্যক দল-সংগঠনৰ প্ৰতিনিধি উপস্থিতি থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাষাৰ ওজা গৰাকীক।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবছৰে বৰ আগ্ৰহেৰে বিশ্ববিদ্যালয়ৰ পৰিয়ালে আয়োজন কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত ভাষাৰ ওজাগৰাকীক কৰ্মৰাজিকো পুনৰ সোঁৱৰণ কৰে সকলোৱে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে বিশ্ববিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয়।
ইয়াৰ পূৰ্বৰ বৰ্ষ অৰ্থাৎ ১২৮ সংখ্যক মৃত্যুতিথিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা উদ্যানত ৬টা চন্দনৰ পুলি লগতে বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ চৌহদত ২টা চন্দনৰ পুলি ৰোপন কৰিছিল অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলে।