Advertisment

চিলাপথাৰত ১২৮ সংখ্যক নেতাজী জয়ন্তী পালন...

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিলা ভৈৰৱপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত সংগঠনটোৰ ভৈৰৱপুৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই জয়ন্তী। 

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ১২৮ সংখ্যক নেতাজী জয়ন্তী পালন...

চিলাপথাৰত ১২৮ সংখ্যক নেতাজী জয়ন্তী পালন...

ডিজিটেল সংবাদ, চিলাপথাৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে চিলাপথাৰতো উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জয়ন্তী। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিলা ভৈৰৱপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত সংগঠনটোৰ ভৈৰৱপুৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই জয়ন্তী। 

Advertisment

আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ, শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি, ছাত্ৰ নেতা,সমাজকৰ্মীক সম্বৰ্ধনা জনায়। তাৰ পিছতে আৰম্ভ হয় নেতাজীৰ জীৱন আৰু আদৰ্শৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য। 

দেশ মাতৃৰ বাবে নেতাজীয়ে আগবঢ়াই যোৱা অমূল্য অৱদানৰ উচিত মূল্যায়ন কৰা হোৱা নাই। কোনো এখন চৰকাৰে নেতাজীক প্ৰাপ্য সন্মান প্ৰদৰ্শন কৰা নাই। আজি পৰ্যন্ত নেতাজীৰ মৃত্যু ৰহস্য ৰাজহুৱা নকৰাৰ কাৰণ কি ?  বৰঞ্চ বিভ্ৰান্তিকৰ তথ্যৰে নেতাজীৰ ইতিহাস পৰ্যন্ত বিকৃত কৰিছে বুলি কেইবাজনো বক্তাই ভাষণ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে প্ৰদৰ্শন কৰা দৃষ্টিনন্দন লোক নৃত্যই সভাক অন্য মাত্ৰা প্ৰদান কৰে।

silapathar