দৰাঘৰৰ পৰা দিন-বাৰ ঠিক কৰি উভতাৰ পথতে দুৰ্ঘটনা, নিহত ৬…

দৰাঘৰৰ পৰা দিন-বাৰ ঠিক কৰি উভতাৰ পথতে দুৰ্ঘটনা, নিহত ৬…

author-image
asomiyapratidin
New Update
দৰাঘৰৰ পৰা দিন-বাৰ ঠিক কৰি উভতাৰ পথতে দুৰ্ঘটনা, নিহত ৬…

ডিজিটেল ডেস্কঃ দৰা ঘৰৰ সৈতে বিয়াৰ দিন-বাৰ ঠিক কৰি কইনাঘৰৰ ১০গৰাকী লোক ঘৰমুৱা হৈছিল। আদবাটতে সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা আৰু থিতাতে নিহত ৬গৰাকী লোক।

Advertisment

কইনাঘৰৰ ১০গৰাকী লোক আহি থকা বিলাসী এছ ইউ ভি আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে ৬গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে ৪গৰাকীৰ অৱস্থা বৰ্তমানেও সংকটজনক।

বিহাৰৰ কটিহাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাতো। ভয়ংকৰ তথা শোকাৱহ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও। মৃতকৰ আত্মা সদগতি কামনাৰ লগতে আহতসকলৰ সুস্বাস্থ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।