উত্তৰাখণ্ডত উৎপাদিত ১.২ মেট্ৰিক টন আপেল ইউ এ ইলৈ ৰপ্তানি...

উত্তৰাখণ্ড চৰকাৰে পৌৰী গড়ৱালৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ ১.২ মেট্ৰিক টন আপেল ৰপ্তানি কৰাৰ কথা ৰাজহুৱা কৰিছে। একেদৰে ৮ মেট্ৰিক টন আপেল সাগৰীয় পথেৰে ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

author-image
Asomiya Pratidin
New Update
160

ডিজিটেল ডেস্ক : দেশৰ লগতে উত্তৰাখণ্ডৰ কৃষি খণ্ডৰ বাবে ভাল খবৰ। ৰাজ্যখনত উৎপাদিত আপেল শেহতীয়াকৈ ই এ ইলৈ ৰপ্তানি কৰা হৈছে। 

উত্তৰাখণ্ড চৰকাৰে পৌৰী গড়ৱালৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ ১.২ মেট্ৰিক টন আপেল ৰপ্তানি কৰাৰ কথা ৰাজহুৱা কৰিছে। একেদৰে ৮ মেট্ৰিক টন আপেল সাগৰীয় পথেৰে ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে, এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপ’ৰ্ট ডেভেলপমেণ্ট অথৰিটিৰ সহযোগত আপেল ৰপ্তানি কৰা হৈছে। এই সম্পৰ্কত এগৰাকী কৃষি বিষয়াই কয় যে, “আপেল ৰপ্তানিৰ ফলত কৃষকসকল উপকৃত হ’ব। যদিহে আমি এই ক্ষেত্ৰত আৰু অধিক উপকৃত হ’ব পাৰো তেন্তে, অনাগত সময়ত দক্ষিণ- পূব এছিয়া আৰু ইউৰোপলৈ ৰপ্তানিৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে চিন্তা- চৰ্চা চলাই থকা হৈছে।

উত্তৰাখণ্ড