/asomiyapratidin/media/media_files/2025/09/24/fffdsdfsds-2025-09-24-13-01-52.jpg)
ডিজিটেল ডেস্কঃ জিৰ’ ফেষ্টিভেল অৱ মিউজিকত আয়োজকসকলৰ দ্বাৰা “জিৰ’ ড্ৰাগছ জিৰ’” প্ৰচাৰ অভিযান উপেক্ষা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আপাটানি ছাত্ৰ সন্থাই কাইলৈ নামনি সোৱণশিৰি জিলাত ১২ ঘণ্টীয়া মুঠ বন্ধৰ আহ্বান জনাইছে। এই বন্ধ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বলবৎ থাকিব।
সংগঠনটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি, আয়োজকসকলে জিলা কৰ্তৃপক্ষৰ সন্মুখত বাৰে বাৰে আশ্বাস দিলেও, উৎসৱৰ মঞ্চ, বেনাৰ আৰু প্ৰচাৰ সামগ্ৰীৰ জৰিয়তে ড্ৰাগছ বিৰোধী বাৰ্তা প্ৰচাৰ কৰাৰ প্ৰতিশ্ৰুতি শেষ মুহূৰ্তত ভংগ কৰা হৈছে। ইয়াক সন্থাটোৱে “সামাজিক দায়বদ্ধতাৰ ওপৰত এক স্পষ্ট অৱজ্ঞা” বুলি আখ্যা দিছে।
ছাত্ৰ সংগঠনটোৰ মতে, উৎসৱৰ দৰে বৃহৎ অনুষ্ঠানত হাজাৰ হাজাৰ যুৱক-যুৱতী অংশগ্ৰহণ কৰে। এনে পৰিসৰত ড্ৰাগছ বিৰোধী বাৰ্তা উপেক্ষা কৰাটো কেৱল প্ৰতিশ্ৰুতি ভংগ নহয়, বৰঞ্চ অঞ্চলজুৰি চলি থকা ড্ৰাগছৰ বিৰুদ্ধৰ যুঁজকো দুর্বল কৰি তোলে।
আন্দোলনটোক প্ৰতিবন্ধকতা হিচাপে নহয়, নৈতিক আহ্বান হিচাপে গণ্য কৰিবলৈ সংগঠনটোৱে জনসাধাৰণক অনুৰোধ জনাইছে।