/asomiyapratidin/media/media_files/2025/11/25/1-2025-11-25-18-47-15.jpg)
ডিজিটেল সংবাদ,ওডালগুৰিঃ ওদালগুৰি জিলাখনত পথ দুৰ্ঘটনাত আহত আৰু নিহতৰ সংখ্যাই এক উদ্বেগজনক কাৰণ হিচাপে বিৱেচিত হৈছে। জিলাখনত ২০২৫ বৰ্ষৰ আজি পৰ্যন্ত পথ দুৰ্ঘটনাত ওদালগুৰি জিলাত ১১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে প্ৰায় ১৩৫ গৰাকী লোক।
এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয়, ইয়াৰে অধিকাংশ দূৰ্ঘটনা মটৰ চাইকেলৰ সৈতে সংঘটিত হৈছে। ইয়াৰ বহুকেইটা মৃত্যুৰ ঘটনাৰ কাৰণ হৈছে বাইক চলাই হেলমেট পৰিধান নকৰা বাবে।
যাৰ পৰিপ্ৰেক্ষিতত ওদালগুৰি জিলাখনত হেলমেট নিপিন্ধা চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হব আৰক্ষী। সমান্তৰালভাৱে মাদকদ্যব্য সেৱন কৰা চালকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ বাবে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাক নিৰ্দেশনা দিয়া হৈছে।
একেদৰে ওদালগুৰি জিলাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত অহা ১০-১৫ দিনৰ ভিতৰত এই সন্দৰ্ভত সজাগতা অনুষ্ঠিত কৰা হব। ইয়াৰ পাছতেই পথত সস্তম হব আৰক্ষী। কোনো লোকে আইন ভঙ্গ কৰিলে তেওঁৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰক্ষীয়ে।
গতিকে ৰাইজলৈ অনুৰোধ জনাইছো যে আমাক সহযোগিতা কৰক আৰু আইন মানি চলি বাহন চলাওক। উল্লেখ্য যে সন্ধিয়া হোৱাৰ লগে লগেই ওদালগুৰি চহৰখনত একাংশ উদণ্ড বাইক চালকে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যাৰ ফলত সাধাৰণ ৰাইজে পথত চলাচল কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us