বাৰ্ড ফ্লুত আক্ৰান্ত হৈ কিশোৰৰ মৃত্যু…

বাৰ্ড ফ্লুত আক্ৰান্ত হৈ কিশোৰৰ মৃত্যু…

ডিজিটেল ডেস্কঃ দিল্লীস্থিত এইমছত মঙলবাৰে মৃত্যু হয় এটি ১১ বছৰীয়া কিশোৰৰ। হাৰিয়ানাৰ কিশোৰজন এইচ৫এন১ অৰ্থাৎ বাৰ্ড ফ্লুত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, দেশত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ চলিত বৰ্ষত মৃত্যু হোৱা এয়াই প্ৰথম ঘটনা। পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ'লজীৰ এক ৰিপৰ্টত কিশোৰজন বাৰ্ড ফ্লুত আক্ৰান্তৰ কথা স্পষ্ট কৰা হৈছে।

জানিব পৰা মতে, প্রথম কিশোৰজনৰ কোভিড টেষ্ট কৰা হয় আৰু কিশোৰজনৰ কোভিড নিগেটিভ আহে। তাৰপাছত বাৰ্ড ফ্লুৰ পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে। নিমনিয়া আৰু ল্যুকেমিয়াত প্রথমে আক্ৰান্ত হোৱাৰ পাছত ২ জুলাইত সুশীল নামৰ কিশোৰটিক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in