/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/HOGUN.jpg)
ডিজিটেল সংবাদ, ডিমৌঃ মৃত্যুমুখী হোৱা ১১ টা শগুনৰ জীৱন ৰক্ষা কৰিলে বন বিভাগে। শিৱসাগৰ ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া লেপাই গাঁৱত ২১ এপ্ৰিলত এটা মৃত গৰু ভক্ষণ কৰি বিষক্ৰিয়া হৈ মৃত্যু হৈছিল ১৯ টাকৈ শগুনৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/059404c7-4d2a-48ff-a7cb-9bab06d5888a-1024x576.jpg)
তাৰ মাজত জীৱিত হৈ থকা ১৩ টা শগুন স্থানীয় লোকৰ তৎপৰতাত বন বিভাগে উদ্ধাৰ কৰি আনিছিল পানীদিহিং বন বিভাগৰ কাৰ্যালয়লৈ। উক্ত শগুকেইটাক প্ৰথমে শিৱসাগৰ বন বিভাগে প্ৰাথমিক চিকিৎসা আগবঢ়াছিল যদিও পিছত অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ এটা দলে লৈ যায় ১৩ টা শগুন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/a76fd360-51d6-451f-863f-dd41ae66c2d7-1024x768.jpg)
কাজিৰঙাত শগুনকেইটাৰ চিকিৎসাৰ অৱস্থাতে ২ টা শগুনৰ মৃত্যু হয় আৰু ১১ টা শগুন সুস্থ হৈ উঠে। সোমবাৰে উক্ত ১১ টা শগুনক বন বিভাগে পুনৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ বুকুত এৰি দিয়ে। প্ৰকৃতিৰ বন্ধু দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনকেইটা আৰোগ্য হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/34055caa-22bc-44d3-aa08-c5f501cddf27-2-1024x768.jpg)