/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/akhllks.jpg)
ডিজিটেল ডেস্ক: তামিলনাডুৰ তঞ্জবাৰ জিলাৰ এটা মন্দিৰত বুধবাৰে পুৱা ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় ১১ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২ শিশুও আছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি এই ঘটনাটোত প্ৰায় ১৫ জন লোক আহতও হয়।বৰ্তমান তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শোক প্ৰকাশ কৰিছে। টুইট কৰি পিএমঅ কয় যে "তামিলনাডুৰ তঞ্জাপুৰত হোৱা ঘটনাই বহুত দুখ দিছে। এই বেয়া সময়ত শোকসন্তপ্ত পৰিয়াললৈ সমৱেদনা। মই আশা কৰো আহত সকল অতিশীঘ্ৰেই সুস্থ হৈ উঠক"।