/asomiyapratidin/media/media_files/2025/12/03/new-ap-web-4-7-2025-12-03-21-25-37.jpg)
ডিজিটেল ডেস্কঃ ভিন্ন অধিকাৰৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা ১০৮ জৰুৰীকালীন সেৱাৰ ৫শতাধিক কৰ্মীক চাকৰিব পৰা অব্যাহতি প্ৰদান কৰিলে অসম চৰকাৰে। ইতিমধ্যে পাঁচ শতাধিক কৰ্মচাৰীলৈ আহিছে অব্যাহতি পত্ৰ।
কোনো ধৰণৰ জাননী নিদিয়াকৈ ৫শতাধিক কৰ্মীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰা কাৰ্যক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ কৰা প্ৰয়োজন যে, ১ ডিচেম্বৰৰ পৰা কৰ্মবিৰতি ঘোষণা কৰি প্রতিবাদ কৰিছিল ১০৮ কৰ্মচাৰীয়ে। দৰমহা বৃদ্ধিকে ধৰি চাকৰি নিয়মীয়াকৰণক লৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
আনফালে মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, প্ৰতিবাদ কৰি থাকিলে আলোচনা সম্ভৱ নহয়। মুখ্যমন্ত্ৰীয়ে লগতে সকিয়নীও প্ৰদান কৰিছিল যে, এনেকৈ প্ৰতিবাদ কৰি থাকিলে চাকৰিৰ পৰা সকলোকে অব্যাহতি প্ৰদান কৰা হ'ব। নতুনকৈ নিবনুৱা সকলক এই পদত অধিষ্ঠিত কৰা হব বুলিও সকিয়নী প্ৰদান কৰিছিল তেওঁ।
অৱশেষত মুখ্যমন্ত্ৰীৰ এই সকিয়নীয়েই সচাঁ প্ৰমাণিত হ'ল। নীতিবৰ্হিভূতভাৱে কোনো আগজাননী নিদিয়াকৈ অব্যাহতি প্ৰদান কৰা হ'ল ৫শতাধিক প্ৰতিবাদকাৰীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us