চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৫
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা অসম

আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ ব'হাগত ১০১ বিধ শাক খোৱাৰ পৰম্পৰা শীৰ্ষক লেখা...

ব'হাগ বিহুত ১০১ বিধ শাক খোৱাৰ অনন্য পৰম্পৰা এতিয়া বৈজ্ঞানিকভাৱে নথিভুক্ত হৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী “Explore” (Impact Factor: 2.2)ত লেখা হিচাপে প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
09 Dec 2025 13:43 IST

Follow Us

New Update
WhatsApp Image 2025-12-09 at 1.36.09 PM

ডিজিটেল ডেস্কঃ  ব’হাগ মাহত চলি অহা বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাত বিহুত ১০১ বিধ শাকৰ জুটি লোৱা হয়। সাতবিহুৰ যিকোনো এদিনত ১০১ বিধ শাক খোৱা নিয়ম আছে।

বছৰ বছৰ ধৰি লোকচাৰ হিচাপে চলি থকা এই ১০১ বিধ শাক খোৱাৰ পৰম্পৰাই শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ব'হাগ বিহুত ১০১ বিধ শাক খোৱাৰ অনন্য পৰম্পৰা এতিয়া বৈজ্ঞানিকভাৱে নথিভুক্ত হৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী “Explore” (Impact Factor: 2.2)ত লেখা হিচাপে প্ৰকাশ পাইছে।

"Exploring the seasonal dietary practice of consuming 101 leafy vegetables during the Assamese festival of Bohag Bihu: a study of traditional heritage and ethnomedicinal perception in Assam" শীৰ্ষক শিৰোনামেৰে প্ৰকাশিত লেখাটোৰ লেখক সকল ক্ৰমে- কৌশিক নন্দন দত্ত,সংগীতা দত্ত,ভাস্বতী কাশ্যপ,হিমশিখৰ শৰ্মা,ৰ’জী আহমেদ,সমীৰণ গাম, দৰ্শন হাজৰিকা,ভাৰ্গব জ্যোতি চহৰীয়াৰ লগতে নিলোৎপল শৰ্মা বৰা।

উল্লেখ্য যে, এই অধ্যয়নটোৱে অসমীয়াৰ পৰম্পৰাত শিপাই থকা সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য, পুষ্টিজনিত জ্ঞান আৰু জাতি-ঔষধি জ্ঞানৰ ওপৰত আলোকপাত কৰিছে। অসমীয়াৰ সংস্কৃতি,খাদ্য আৰু উদ্ভিদে গোলকীয় গৱেষণা মঞ্চত স্বীকৃতি লাভ কৰাতো অসমীয়া বাবে বৃহৎ সাফল্য। তাৰোপৰি উক্ত লেখাটোৰ জৰিয়তে লেখকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও এক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ব’হাগী উৎসৱ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!