তিতাবৰত ১০১খন গ্ৰন্থ উন্মোচনেৰে গঢ়িলে অভিলেখঃ নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত

জ্ঞানৰত্ন সাহিত্য একাডেমীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত তিতাবৰত একেলগে ১০১ খন গ্ৰন্থ উন্মোচনেৰে নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱা লগতে এক অভিলেখ ৰচিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ১০১খন গ্ৰন্থ উন্মোচনেৰে গঢ়িলে অভিলেখঃ নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত

ডিজিটেল সংবাদ বেকাজানঃ অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে গঠিত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত দেওবাৰে তিতাবৰত একেলগে ১০১ খন গ্ৰন্থ উন্মোচন কৰি নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱা লগতে এক অভিলেখ ৰচিবলৈ সক্ষম হয়। তিতাবৰৰ দেৱ কুমাৰ বৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানটোত স্থানীয় কেইবাশতাধিক সাহিত্যনুৰাগী, লেখক, সাহিত্যিক, কবিয়ে অংশগ্ৰহণ কৰি একেলগে ১০১ খন গ্ৰন্থ উন্মোচনৰ আকৰ্ষণীয় মুহূৰ্তৰ সাক্ষী হৈ ৰয়।‌ 

নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছৰ সঞ্চালক সোণমণি দত্ত আৰু কেইবাজনো বিষয়ববীয়া উপস্থিত থাকি তিতাবৰত অনুষ্ঠিত এই বৰ্ণাঢ্য উন্মোচনী অনুষ্ঠানটো নৰ্থ ইষ্ট বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱা বুলি ঘোষণা কৰে। উদযাপন সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দেৱ, কাৰ্যকৰী সভাপতি পলাশ তামুলী, সম্পাদিকা বৰ্ণালী দাস শইকীয়াৰ লগতে জ্ঞানৰত্ন সাহিত্য একাডেমীৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়ববীয়াৰ ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত হৈ উঠে। 

পুৱা উদযাপন সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দেৱৰ পতাকা উত্তোলন আৰু শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোনাৰাম শৰ্মাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে। শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী স্বৰ্ণ বৰুৱা গগৈয়ে। সাহিত্যিক ড° ৰাতুল বৰাই প্ৰয়াত পাৰুল দাস সোঁৱৰণী মঞ্চ উদ্বোধনৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। 

জ্ঞানৰত্ন সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় সভাপতি ড০ হেমচন্দ্ৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, গুৱাহাটী আই আই টিৰ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া ড০ কুল কমল সেনাপতি, শিক্ষাবিদ-লেখিকা ড০ বৈজয়ন্তী গোস্বামী আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সভাত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ কেন্দ্ৰীয় উপদেষ্টা পূৰ্ণকান্ত হাজৰিকা, সাংস্কৃতিক মহাসভা অসমৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ বৰুৱা, মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলানাথ শৰ্মা, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উত্তম কুমাৰ হাজৰিকা,  সাংবাদিক অজয় শইকীয়াৰ ধৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ভালেসংখ্যক বিষয়ববীয়া অতিথি হিচাপে উপস্থিত থাকে।

গ্ৰন্থ উন্মোচন তিতাবৰ