HS FINAL EXAM RESULTS: ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে উজ্বলিল ৬ জিলা...

এইবাৰ ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে কেইবাখনো জিলাই অভিলেখ গঢ়িছে। বিজ্ঞান শাখাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থান লাভ কৰে পশ্চিম কাৰ্বি আংলং জিলাই। 

author-image
Asomiya Pratidin
New Update
web hs 100% (1)

ডিজিটেল ডেস্কঃ এইবাৰ ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে কেইবাখনো জিলাই অভিলেখ গঢ়িছে। বিজ্ঞান শাখাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থান লাভ কৰে পশ্চিম কাৰ্বি আংলং জিলাই। 

Advertisment

জিলাখনৰ পৰা মুঠ ৪০গৰাকী পৰীক্ষাৰ্থী বিজ্ঞান শাখাৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল। এই আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উৰ্ত্তীণ হোৱাই নহয়, ৪০জন শিক্ষাৰ্থীয়েই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ জিলাখনলৈ সুখ্যাতি কঢ়িয়াই আনিছে।

ইফালে বাণিজ্য শাখাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থান লাভ কৰিছে দক্ষিণ শালমৰাই। বাণিজ্য শাখাত জিলাখনৰ পৰা মুঠ ১১গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে দুগৰাকীয়ে প্ৰথম বিভাগ আৰু ৯গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে।

বহুমুখী শিক্ষা বিভাগত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থানত আছে ক্ৰমে- বিশ্বনাথ, লখিমপুৰ, শ্ৰীভূমি আৰু নলবাৰী। বিশ্বনাথৰ পৰা এই বিভাগত মুঠ ১৩গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। তাৰেই ৮গৰাকীয়ে দ্বিতীয় আৰু ৫গৰাকী তৃতীয় বিভাগ লাভ কৰিছে।

লখিমপুৰ জিলাৰ পৰা বহুমুখী শিক্ষা বিভাগত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১৫গৰাকী।তাৰেই ৩গৰাকীয়ে প্ৰথম আৰু ১২গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে। নলবাৰী জিলাত ৩৪গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১গৰাকীয়ে প্ৰথম, ২৬গৰাকীয়ে দ্বিতীয় আৰু ৭গৰাকীয়ে তৃতীয় স্থান লাভ কৰে।

শ্ৰীভূমিৰ মুঠ ৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭গৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হয়। বহুমুখী শিক্ষা বিভাগত উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন স্থান আছে- কাৰ্বি আংলং জিলা।