BREAKING: দিল্লীৰ বোমা বিস্ফোৰণত নিহত সংখ্যা ১০জনলৈ বৃদ্ধি...

দিল্লীত বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি। চিকিতসালয় কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। ইতিমধ্যে এতিয়াও প্ৰায় ২৫গৰাকী লোকৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে চিকিতসকে। সন্ধিয়া প্ৰায় ৬.৫৫বজাত

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ  দিল্লীত বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি। চিকিতসালয় কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। ইতিমধ্যে এতিয়াও প্ৰায় ২৫গৰাকী লোকৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে চিকিতসকে। সন্ধিয়া প্ৰায় ৬.৫৫বজাত সংঘটিত হোৱা এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী লোকক গ্ৰেপ্তাৰৰ লগতে দুগৰাকী লোকক আটক কৰা হৈছে।

সন্দেহ কৰা হৈছে যে, এই বোমা বিস্ফোৰণৰ সৈতে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নিয়া আৰু এন এছ জিয়ে। হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলে।

  •  

     

  •  

     

দিল্লী