১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. গোৱালপাৰাৰ আগিয়া মহাবিদ্যালয় সপ্তাহত অঘটন। বুট-মাহ খাই অসুস্থ শতাধিক ছাত্ৰ-ছাত্ৰী। অসুস্থসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Advertisment

২. নলবাৰীৰ বিলপাৰত মালবাহী ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষ। কেইবাজনো লোক আহত হোৱা দুৰ্ঘটনাটোত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে এখন ট্ৰাক।

৩. বৃহস্পতিবাৰে কেইবাবাৰো যুদ্ধবিৰতি চুক্তি উলংঘা কৰে পাকিস্তানে। ইফালে পাকিস্তানে গুলীবৰ্ষণ কৰে যদিও দেশখনক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতে।

৪. 'পাকিস্তানে সঘনে সলনি কৰিছে ঘটনাৰ প্ৰকৃত তথ্য, পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছো আমি।' বৃহস্পতিবাৰে সংবাদমেলত এই মন্তব্য ভাৰতৰ ৩ সেনাপ্ৰধানৰ।

৫. উত্তৰ গুৱাহাটীৰ ৰহধলাত বৃহস্পতিবাৰে সূত্ৰপাত হয় বিধ্বংসী অগ্নিকাণ্ডৰ। ৩খন দোকান জুইত জাহ যোৱা ঘটনাটোত লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতিসাধন।

৬. মৰিয়নীত কয়লা পৰিবাহী দ্ৰুতবেগী ট্ৰাকৰ খুন্দা বাহনত। ঘটনাত গুৰুতৰবাৱে আহত বাহনখনৰ চালক সুশান্ত বৰা।

৭. কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈ মৃত্যুৰ মুখত পৰিল জুৰিয়াৰ কান্দুলিমাৰীৰ যুৱক। যুৱকজনক বন্ধুৱে হত্যা কৰাৰ সন্দেহ একাংশ লোকৰ।

৮.  ৮ মাৰ্চত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব হিন্দী ছবি বদলা। সঞ্জয় ঘোষে পৰিচালনা কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্ছনে।

৯. গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা বিগত কেইবাদিনত পলায়ন কৰে বহুকেইজন ৰোগীয়ে। ২২ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ লৈকে পলায়ন কৰে মুঠ ২০জন ৰোগীয়ে।

১০. 'লুইতত চলা নাও, জাহাজত থাকিব লাগিব দুটাকৈ ইঞ্জিন, অন্যথা চলাবলৈ অনুমতি দিয়া নহ'ব।' বৃহস্পতিবাৰে এই মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

১১. ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পিছতে সক্ৰিয় হৈছে দুয়োখন দেশৰ সেনা বাহিনী। অসমটো ভাৰতীয় বায়ুসেনা বাহিনীৰ অধীনস্থ তেজপুৰ আৰু চাবুৱা বিমানঘাটিত দেখিবলৈ পোৱা গৈছে বিমান অনুশীলন।

১২. এন আৰ চিত ভুৱা প্ৰমাণপত্ৰ দি আৰক্ষীৰ জালত নগাঁৱৰ এজন শিক্ষক। হয়বৰগাঁও আৰক্ষীৰ জালত সোণাইঘাট এল পি স্কুলৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমান।

১৩. দেশজুৰি ২ মাৰ্চৰ পৰা প্ৰতি বিধানসভা সমষ্টিত বিজেপিয়ে অনুষ্ঠিত কৰিব মহা বাইক ৰেলী। প্ৰতি সমষ্টিত উলিওৱা হ'ব ৫০০ৰ পৰা ১০০০খন বাইক। ভাগ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ প্ৰতিজন মন্ত্ৰী, বিধায়ক তথা কৰ্মীয়ে।

১৪. নগাঁৱৰ ৰূপহীহাটত ছুপাৰী ব্যৱসায়ী খাইৰুল ইছলামৰ ঘৰত আয়কৰ বিভাগৰ তালাচী অভিযান। কৰ ফাঁকিৰ সন্দেহত অভিযান ব্যৱসায়ীজনৰ ঘৰত অভিযান চলাই আয়কৰ বিভাগে।

১৫. বাক্সাৰ আলাগজাৰত ডকাইতে কাঢ়ি নিলে বন্ধন বেংকৰ কৰ্মচাৰীৰ বাইক। ২ দুৰ্বৃত্তই প্ৰহাৰ কৰি লৈ এজন কৰ্মচাৰীৰ পৰা লৈ যায় এএছ১৫-যে-৬৯১৪।

১৬. জাগীৰোডৰ টোপাতলীত বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত দুয়োজন আৰোহীক ভৰ্তি কৰা হয় চিকিৎসালয়ত।

১৭. ছিকিমত বৃহস্পতিবাৰে দেখিবলৈ পোৱা যায় প্ৰচণ্ড তুষাৰপাতৰ। তুষাৰপাতৰ বাবে ঘৰতে আবদ্ধ হৈ পৰে বহুলোক।

১৮. মধ্যপ্ৰদেশৰ দেৱাশ জিলাত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় এজন কংগ্ৰেছ নেতাৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

১৯. অসমত নিষিদ্ধ তীৰ খেল বন্ধ কৰা আৰু সুৰা বন্ধ কৰাৰ দাবী জামাত ই ইছলাম হিন্দৰ। মিজোৰাম আৰু অন্যান্য ঠাইত যদি সুৰা বন্ধ হ'ব পাৰে অসমত কিয় নোৱাৰে বুলি সংবাদমেলত প্ৰশ্ন কৰে জামাত ই ইছলাম হিন্দে।

২০. বৃহস্পতিবাৰে জিএমচিএইছ প্ৰেক্ষাগৃহত মুকলি কৰা হয় সুলভ পুষ্টি-খাদ্য প্ৰাপ্তি যোজনা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে আঁচনিখনৰ দ্বাৰা বাগিচাৰ ৪ লাখ পৰিয়াললৈ যোগান ধৰা হ'ব বিনামূলীয়া চাউল।

২১. নুমলীগড়ৰ পোৰাবাংলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰঙী শাখাৰ উদ্যোগত বৃহস্পতিবাৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, গোলাঘাট জিলাৰ বাগিচাসমূহ সম্পূৰ্ণৰূপে মদমুক্ত কৰা, লালীগুড়ৰ প্ৰচলন বন্ধ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে।

২২. দুধনৈত ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম বিনীতা উপাধ্যায়। 

২৩. 'নমো এপ'ৰ মাধ্যমত দেশৰ ১৫ হাজাৰ স্থানত একত্ৰিত হোৱা কৰ্মীৰে ভিডিঅ' কনফাৰেঞ্চিংযোগে বৃহস্পতিবাৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১ কোটি বিজেপি কৰ্মীৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

২৪. শুকুৰবাৰে মুকলি কৰি দিয়া হ'ব অভিনন্দন বৰ্থমানক। পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ জোৱানজনক ভাৰতক গতাই দিয়াৰ কথা ঘোষণা কৰে।

২৫. বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। ৰাজ সাহাৰ্যকৃত ৰন্ধন গেছৰ মূল্য ২.০৮ টকা বৃদ্ধি হোৱাৰ লগতে বিনা ৰাজ সাহাৰ্যৰ গেছত বৃদ্ধি পালে ৪২.৫০ টকা।