/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/831e00aa-60bd-4fd9-b615-e7b2372132e9/AP_FOR_WEB_messsi.jpg)
ডিজিটেল ডেস্ক: সবাতোকৈ ৰোমাঞ্চকৰ ‘ফিফা বিশ্বকাপৰ ২০২২’ৰ খিতাপ দখল কৰি সম্প্ৰতি চৌদিশে চৰ্চাৰ শীৰ্ষত আছে আৰ্জেনটিনাৰ তাৰকা ফুটবলাৰ লি’য়নেল মেছি। কেৱল বিশ্বকাপৰ খিতাপ জয়ীৰ বাবেই নহয়, দুভৰিৰ যাদুৰ সমান্তৰালকৈ বিশেষ ব্যক্তিত্বৰ বাবে প্ৰায় সকলো সময়েত অনুৰাগীৰ মাজত চৰ্চা লাভ কৰে এই গৰাকী তাৰকা ফুটবলাৰে।শেহতীয়াকৈ বিশ্বকাপৰ ট্ৰফী হাতত লৈ চুম্বন কৰা আৰু তাৰ পাছত সন্তানসহ পত্নীৰ সৈতে ট্ৰফীৰ লগত ফটো উঠাৰ দৃশ্য পাছত ভাইৰেল হোৱাৰ পাছতে এতিয়া সকলোৰে চকু পৰিছে মেছিৰ সুন্দৰী পত্নীৰ ওপৰত।আপুনি বাৰু জানেনে মেছিৰ পত্নী কোন, তিনিটা সন্তানৰ মাতৃ এইগৰাকী সুন্দৰীয়ে কি কৰে ?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e342c332-7855-4d93-b05c-fabdaa3c8438/leo.jpg)
ক্ৰীড়া জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বুলি বিবেচিত লিঅ'নেল মেছিৰ পত্নীৰ নাম এণ্টোনেলা ৰক্কুজ্জো।নি:সন্দেহে অতুলনীয় ৰূপৰ অধিকাৰী এণ্টোনেলা।এইগৰাকী সুন্দৰী মানৱ বিজ্ঞান আৰু সামাজিক বিজ্ঞানত স্নাতক। ২০০৮ চনৰ পৰা মেছি এণ্টোনেলা ৰক্কুজ্জোৰ সৈতে সম্পৰ্কত আছে।কিন্তু তেওঁলোকৰ চিনাকি বহু পুৰণি।জনা-নজনা বয়সৰ পৰাই এজনে সিজনৰ লগত চিনাকি হৈ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তুলিছিল। এণ্টোনেলা ৰক্কুজ্জোক চিনি পাওঁতে মেছিৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ। মেছি এণ্টোনেলাৰ শৈশৱৰ শ্ৰেষ্ঠ বন্ধু লুকাস স্কাগলিয়াৰ সম্পৰ্কীয় ভাই, তেওঁও এগৰাকী ফুটবল খেলুৱৈ। এবছৰ ধৰি তেওঁলোকৰ সম্পৰ্ক গোপনে ৰখাৰ পিছত মেছিয়ে প্ৰথমে ২০০৯ চনৰ জানুৱাৰীত এক সাক্ষাৎকাৰত তেওঁলোকৰ ৰোমাঞ্চৰ বিষয়ে ৰাজহুৱা কৰিছিল।
মেছিক 'মেছি' হিচাপে গঢ় দিয়াত এণ্টোনেলা ৰক্কুজ্জোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।মেছি সৰুতে যথেষ্ট অন্তৰ্মুখী আছিল। একমাত্ৰ এণ্টোনেলা ৰক্কুজ্জোৰ বাবেই মেছি যথেষ্ট পৰিমাণে খোল খাই আজিৰ মেছি হৈছে।মেছিয়েও সুবিধা পালেই পত্নীৰ গুণ গাবলৈ নাপাহৰে। তেওঁৰ উত্থানত পত্নীৰ ভূমিকাক সদায়েই স্বীকৃতি দি আহিছে লি’য়নেল মেছিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4890bf4a-bbe0-4af9-b674-42dc8d75dcfb/mesi_old.jpg)
Also Read: আনৰ সংসাৰ ভঙা প্ৰিয়ংকা চোপ্ৰাক তুলা ধুনা প্ৰীতি জিন্টাৰ
বৰ্তমান মেছি আৰু এণ্টোনেলা তিনিটা পুত্ৰ সন্তানৰ অভিভাৱক। লিঅনেল মেছি আৰু এণ্টোনেলাই ২০০১৭ চনৰ ৩০জুনত আৰ্জেণ্টিনাত থকা তেওঁলোকৰ গৃহ চহৰ ৰোজাৰিঅ'ত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে চিটি চেণ্টাৰ হোটেলত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ অনুষ্ঠানত ফুটবল দলৰ তাৰকা তথা সতীৰ্থসহ প্ৰায় ২৬০ অতিথি অন্তৰ্ভুক্ত কৰা হৈছিল।তেওঁলোকৰ এই হাই প্ৰফাইল বিবাহ অনুষ্ঠানক 'শতিকাৰ বিবাহ' বুলি অভিহিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4063f9d5-4430-426c-8ceb-7bf437649071/family_messi.jpg)
আৰ্জেণ্টিনাই ‘ফিফা বিশ্বকাপ ২০২২’ জয় কৰাৰ পিছত স্বামীৰ কঠোৰ পৰিশ্ৰমৰ বাবে গৌৰৱান্বিত এণ্টোনেলাই তেওঁক অভিনন্দন জনোৱাৰ বাবে এক টোকা শ্বেয়াৰ কৰে এন্টোনেলাই। তেওঁ উল্লেখ কৰা মতে, ‘এই গৌৰৱ কেনেকৈ অনুভৱ কৰিব লাগে মই নাজানো। আমাক কেতিয়াও হাৰ মানিব নিদিবলৈ শিকোৱাৰ বাবে ধন্যবাদ।অৱশেষত আজি আপুনি বিশ্ব চেম্পিয়ন। আমি জানো আপুনি ইমান বছৰৰ পৰা এই প্ৰাপ্তিৰ বাবে কিমান ভোকাতুৰ আছিল। আহক আৰ্জেণ্টিনালৈ যাওঁ !’