‘সকলোৰে শিক্ষাঃ কাকো পিছত এৰি নাযাও’ৰ জৰিয়তে সকলোৰে মাজত শিক্ষা বিয়পোৱা লক্ষ্য জ্ঞানবৰধিনীৰ

‘সকলোৰে শিক্ষাঃ কাকো পিছত এৰি নাযাও’ৰ জৰিয়তে সকলোৰে মাজত শিক্ষা বিয়পোৱা লক্ষ্য জ্ঞানবৰধিনীৰ

ডিজিটেল ডেস্কঃ 'সকলোৰে শিক্ষাঃ কাকো পিছত এৰি নাযাও' প্ৰকল্পৰ অধীনত ১৪ ফেব্ৰুৱাৰীৰ পৰা জ্ঞানবৰধিনী নামৰ সামাজিক অনুষ্ঠানটোৱে এক অন্যতম 'পুথিভৰাল সঞ্চালন' কর্মোদ্যোগ আৰম্ভ কৰিছে। গুৱাহাটী গনেশপাৰাস্থিত আনন্দ আশ্ৰম নামৰ অনাথালয়ত প্ৰথম পুথিভঁৰাল স্থাপিত কৰি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছে জ্ঞানবৰধিনীয়ে। বস্তিত, অনাথ আশ্ৰমত, আৰু ভিতৰুৱা অঞ্চলৰ দুখীয়া আৰু আৰ্থিকভাৱে বঞ্চিত ল'ৰা-ছোৱালী সকলৰ মাজত পঢ়া কিতাপ আৰু গল্প কিতাপৰ যোগান ধৰাটোৱেই 'সকলোৰে শিক্ষাঃ কাকো পিছত এৰি নাযাও' প্ৰকল্পৰ মূল লক্ষ্য।

এই পুথিভঁৰাল সমূহত দান দিয়া কিতাপৰ আলমিৰা অন্তৰ্ভুক্ত থাকিব য'ৰ পৰা শিশুসকলক বিনামূলীয়া কিতাপ প্ৰদান কৰা হ'ব। তদুপৰি ইয়াৰে জড়িত স্বেচ্ছাসেৱকে সাপ্তাহিকভাৱে পঢ়াশালী সঞ্চালন কৰিব। ২০২০চনত জ্ঞানবৰধিনীয়ে সমগ্ৰ গুৱাহাটীত ১০টা পুথিভঁৰাল প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে| জ্ঞানবৰধিনীৰ সভাপতি মিতা নাথ বৰাই কয় যে, "পঢ়া এৰা ল'ৰা-ছোৱালীৰ পৰা আদি কৰি সকলো যুৱকৰ মাজত কিতাপ আৰু পঢ়াৰ প্ৰতি এক উত্‍সাহ আৰু প্ৰেমৰ ধাৰা সৃ্ষ্টী কৰা এই কৰ্মোদ্যোগৰ লক্ষ্য| জ্ঞান এক বিশাল শক্তি আৰু এই শক্তি যেন কেৱল বিদ্যালয় আৰু বিদ্যালয়কেন্দ্ৰীক পঢ়াত সিমিত হৈ নাথাকে, এই বিশ্বাস অনুযায়ী আমি ভাবো যে সকলো লৰা-ছোৱালীয়ে, যি পঢ়া বাদ দিছে, বা যি বিদ্যালয় যাব পৰা নাই বা পঢ়ি ভাল নাপায়, এই শক্তিৰ আৰু কিতাপৰ সুন্দৰ জগতৰ পৰা বঞ্চিত থাকিব নালাগে|'

মিতাৰ এই অভিজানত, সম্পাদক শুধান্য বিশ্বাসে সমৰ্থন কৰি জনাই যে, "২০১৯ চনত নিৰীক্ষণৰ সময়ত পৰিলক্ষিত হয় যে, চৰকাৰী বিদ্যালয় সমূহৰ নানাধৰণৰ সমস্যাৰ মাজত বিদ্যালয় বাদ দিয়া চাত্ৰৰ সমস্যাই প্ৰধান| যিহেতু সামাজিক পৰিৱৰ্তন আনিবলৈ এজন লোকৰ বাবে অলপ কঠিন, ক্ষুদ্ৰ পদক্ষেপেৰে আগবাঢ়িবলৈ নিৰ্ণয় লোৱা হ'ল আৰু পুথিভৰাল সঞ্চালন এই দিশত এক সৰু প্ৰচেষ্টা|
এই কাৰ্য্যৰ উদ্বোধন কৰে অজিত ৰঞ্জন নাথে। প্ৰশেনজিৎ বৰুৱা, স্বপন চক্ৰৱৰ্তীয়ে দান কৰা কিতাপৰ আলমিৰা, সুন্দৰ হস্ত-অংকনেৰে সজাইছে| ইয়াৰ লগতে সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ বন্দনা আগৰৱাল্লাৰ সৈতে কেইবাজনো লোকে অংশ লয় অনুষ্ঠানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in