হোজাইত পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ…

হোজাইত পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ…

ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ বিস্তীৰ্ণ অঞ্চলত খৰাং সদৃশ পৰিবেশ, পথাৰত নাই পানী।নাই জলসিঞ্চনৰ ব্যৱস্থাও।।হয় প্ৰথমে চাওক এই দৃশ্যলৈ।এয়া হৈছে হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ লস্কৰ পথাৰ এলেকাৰ বিস্তীৰ্ণ খেতি পথাৰ অঞ্চলৰ দৃশ্য।মূৰৰ ঘাম মাটিত পেলাই কৃষকে ভূঁই ৰোৱা পথাৰত এতিয়া মেলিছে চিৰাল ফাট।

পথাৰত পানী নথকাত কৃষকৰ সোণগুটী এতিয়া চোতাল পোৱাৰ পৰিবৰ্তে মৰহি গৈছে পথাৰতে।শ শ বিঘা খেতি পথাৰত মেলা চিৰাল ফাটে ভাবুকি কঢ়িয়াইছে কৃষকৰ জীৱনলৈ।একমাত্ৰ ধান খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজৰ এতিয়া নাজল নাথল অৱস্থা।

একমাত্ৰ বৰষুণৰ পানীত ভৰসা কৰি খেতি কৰা কৃষক সকললৈ বৰুণ দেৱতাৰ সুদৃষ্টি নপৰাত এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে।লক্ষণীয় যে কৃষি প্ৰধান অঞ্চলটোত জলসিঞ্চন বিভাগেও আজি পৰ্যন্ত পথাৰত পানী যোগান ধৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষক সকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বুলি অভিযোগ তুলি ক্ষোভ উজাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in