চাঞ্চ্যল্যকৰ হত্যাকাণ্ড, নিজ খুড়াকে দা ৰে ঘপিয়াই হত্যা কৰিলে ভতিজাক…

চাঞ্চ্যল্যকৰ হত্যাকাণ্ড, নিজ খুড়াকে দা ৰে ঘপিয়াই হত্যা কৰিলে ভতিজাক…

ডিজিটেল সংবাদ,ডবকা : হোজাইৰ নীলবাগানৰ আশীনগৰত বুধবাৰে নিশা এক চাঞ্চ্যল্যকৰ হত্যাকাণ্ড সংগঠিত হৈছে ৷ নিশা ২ মান বজাত শোৱা পাটিত জাকিৰ হুছেইন নামৰ লোকজনক নিজ খুড়াকে চোকা দাৰে ডিঙি কাটি হত্যা কৰে ৷ ইমানতে ক্ষান্ত নাথাকি জাকিৰ হুছেইনৰ পত্নীকো হত্যা কৰিবলৈ চেষ্টা চলায় হত্যাকাৰী খুৰাক সুৰুজ আলী ৷ হত্যাকাণ্ড সংগঠিত কৰি সুৰুজ আলী হত্যাকাণ্ড সংগঠিত কৰা অস্ত্ৰ লৈ শংকৰদেৱ নগৰ উপ আৰক্ষী চকীত আত্মসমৰ্পন কৰে ৷

মৃত জাকিৰ হুছেইন মাছ ব্যৱসায়ীৰ লগতে এজন অমায়িক স্বভাৱৰ লোক আছিল ৷ এনেদৰে লোকজনক হত্যা কৰা কাণ্ডক লৈ মানি লব পৰা নাই সাধাৰন ৰাইজে ৷ গাৱৰ ৰাইজে হত্যাকাৰীৰ ফাচিৰ দাবী নীলবাগান আৰক্ষী পহৰা চকী ঘেৰাওঁ কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ৷ পাছত হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উত্তেজিত ৰাইজক বুজনি ক্ষান্ত কৰে ৷

স্থানীয় ৰাইজে ও পৰিযযালৰ লোকে জানিবলৈ দিয়া মতে পাৰিবাৰিক কণ্ডলৰ বাবেই এই হত্যাকাণ্ড সংগঠিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অ সামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in