বলাৎকাৰ কৰি হত্যা মহিলাক, হোজাইত ৪জনক যাৱৎজ্জীৱন কাৰাদণ্ড

বলাৎকাৰ কৰি হত্যা মহিলাক, হোজাইত ৪জনক যাৱৎজ্জীৱন কাৰাদণ্ড

ডিজিটেল সংবাদ, লামডিংঃ ২০১৭ বৰ্ষৰ ১২ জুলাইত লামডিং থানাৰ অন্তৰ্গত ১নং হাতীখুলী গাঁৱৰ জ্ঞানধৰ দাসৰ পত্নী নিৰ্জলা দাসক অতি নৃশংসভাৱে ধৰ্ষন কৰি হত্যা কৰিছিল চাৰি দূৰ্বৃত্তই। ঘটনা সংক্ৰান্তত লামডিং থানাত ১২৮/১৭ নম্বৰত এক গোচতৰ ৰুজু হৈছিল। শনিবাৰে আদালতে উক্ত গোচৰৰ ৰায়দান কৰে।

শনিবাৰে শংকৰদেৱনগৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে সুচেন্দ্ৰ দাস, মনিলাল দাস, চন্দন দাস আৰু সুদীপ দাসক যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ লগতে ১৬ হাজাৰকৈ জৰিমনাও বিহে৷ গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in