ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, কি প্ৰতিক্ৰিয়া ড০ হীৰেণ গোহাঁইৰ?

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইয়ে। তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'মই জানিব পাৰিছো যে, লতাশিল থানাত মোৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে এখন এফ আই আৰ প্ৰস্তুত কৰা হৈছে। তাৰ সবিশেষ মই নাজানো, আৰু কেনে সাক্ষ্য-প্ৰমাণৰ ভিত্তিত তেনে অভিযোগ দিয়া হৈছে, তাকো নাজানো। শুনা মতে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ আৰু বামগণতান্ত্ৰিক মৰ্চাৰ যুটীয়া উদ্যোগত আহূত ৭ জানুৱাৰীৰ জনসভাত অসমক স্বাধীন কৰাৰ দাবী তোলা বুলি অভিযোগ অনা হৈছে।

আচলতে সভাখনত কোনো কোনোৱে স্বাধীন অসমৰ দাবীৰে এতিয়া প্ৰাসংগিক হোৱা বুলি উত্তেজিত বক্তব্য ৰাখিছিল। সেই প্ৰসংগতেই ময়ো কৈছিলো যে, যদি গণতান্ত্ৰিক সকলো পদ্ধতি ব্যৰ্থ হয় আৰু ভাৰতীয় ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ভাৰতীয় দল-সংগঠনবোৰৰ দ্বাৰা অসমৰ ন্যায্য দাবী সম্পূৰ্ণ উপেক্ষা কৰা হয়, তেতিয়াহে স্বাধীন অসমৰ দাবী প্ৰাসংগিক হ'ব পাৰে। মোৰ বক্তব্যৰ সাৰমৰ্ম আছিল এয়ে যে, ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত নাগৰিকত্বৰ বাবে আৰু অসমৰ ক্ষেত্ৰত সংঘীয় ৰাজ্যৰ উচিত মৰ্যাদাৰ বাবে আন্দোলন কৰি আমি সমগ্ৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ হৈহে সংগ্ৰাম কৰিছো, ভাৰতীয় সংবিধানৰ মূলাধাৰ ৰক্ষাৰ বাবেহে সংগ্ৰাম কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in