মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে শ্বহীদ স্মাৰক ক্ষেত্র...

অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্রকৃত সংখ্যা নিৰূপণ কৰি তেওঁলোকৰ তথ্য প্রণালীবদ্ধভাবে সংৰক্ষণ কৰা হয়। এই প্রয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্রায় ১০০ কোটি টকা ব্যয়সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্র নির্মাণৰ কাম আৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   ঐতিহাসিক অসম আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীবন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল।১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ শ্বহীদসকলৰ প্রাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল।

শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্রকৃত সংখ্যা নিৰূপণ কৰি তেওঁলোকৰ তথ্য প্রণালীবদ্ধভাবে সংৰক্ষণ কৰা হয়। এই প্রয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্রায় ১০০ কোটি টকা ব্যয়সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্র নির্মাণৰ কাম আৰম্ভ কৰা হয়। 

 এই শ্বহীদ স্মাৰকত মুঠ ৮৬০গৰাকী ছহিদৰ বহুসংখ্যকৰে প্রতিচ্ছবি সংৰক্ষণ কৰা হৈছে। স্মাৰক ক্ষেত্ৰত তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। অৱশেষত শ্বহীদ সকলৰ ত্যাগৰ প্রতি প্রদর্শন কৰা এই স্বীকৃতিয়ে শ্বহীদ পৰিয়ালসমূহক আনন্দিত কৰি তুলিছে।

শ্বহীদ দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পশ্চিম বৰাগাঁৱত নির্মিত শ্বহীদ স্মাৰক ক্ষেত্রৰ উদ্বোধন কৰে। তেওঁক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগে লগে সুধাকণ্ঠৰ সুৰেৰে মুখৰিত হৈ পৰিল পশ্চিম বৰাগাঁও অঞ্চল।  উপস্থিত সকলোৱে সমস্বৰে গালে সুধাকন্ঠ ভূপেন হাজৰিকাৰ শ্বহীদ  প্ৰণামো তোমাক গীতটি।
উল্লেখ্য যে, অসমত আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। মুখ্যমন্ত্রীয়ে স্মাৰক ক্ষেত্রত শ্বহীদ প্রণাম জ্যোতি প্রজ্বলন কৰে। লগতে ৮৬০ গছি বস্তি প্রজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্রদ্ধা নিবেদন কৰে।
আজি অনুষ্ঠানত মন্ত্রী অতুল বৰা, কেশব মহন্ত, বিমল বৰা, পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি ড° শৰ্মাই কয়, স্মাৰক ক্ষেত্রখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এটা প্রতীক আৰু জাতিৰ বাবে প্রেৰণাৰ কেন্দ্র হৈ থাকিব। মুখ্যমন্ত্রীয়ে লগতে শ্বহীদ স্মাৰক ক্ষেত্রৰ কেন্দ্রীয় কার্যসূচীৰ উপৰি ৰাজ্যৰ সকলো জিলাত তথা সমজিলা সদৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কার্যসূচীত সকলোকে ভাগ ল'বলৈ আহ্বান জনায়।
ড০ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কেন্দ্ৰীয় শ্বহীদ দিৱস