মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কোৰোনাৰ চিকিৎসা সন্দৰ্ভত কি ক’লে…

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কোৰোনাৰ চিকিৎসা সন্দৰ্ভত কি ক’লে…
  • শুকুৰবাৰে দিনৰ ১২ বজাত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • কোৰোনাৰ সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।
  • পেয়িং কেবিনেটত থকা ব্যক্তিয়ে টকা দিব লগীয়া হোৱা বাবে সম্পূৰ্ণ কোৰোনাৰ চিকিৎসা বিনামূলীয়া।
  • কেৱল কেবিনৰ বাবেহে দিব লাগিব ধন।
  • খোৱা-বোৱা, প্লাজমা, বেজী আদিৰ বাবে ধন লোৱা নাই।
  • মেডিকেল কলেজ বা পেয়িং কেবিনেট থকাসকলৰ বাবে প্লাজমা বিনামূলীয়া।
  • কিন্তু নাৰ্ছিং হোমত কেৱল প্লাজমা কিটৰ বাবে ধন লোৱা হৈছে।
  • যদি বেলেগ জিলাৰ লোক গুৱাহাটীত চিকিৎসাধীন হৈ থাকে তেন্তে তেওঁলোকক ঘৰত থোৱাৰ বাবে চৰকাৰে ব্যৱস্থা কৰি দিব।
  • কিন্তু গুৱাহাটী মহানগৰীৰে কোনো লোক সুস্থ হোৱাৰ পাছত নিজৰ ধনেৰে যাব লাগিব ঘৰলৈ।
  • ২৪ ঘন্টাত কোভিড টেষ্টৰ ফলাফল যদি লাগে তেন্তে ধন দিব লাগিব।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে কোভিডক লৈ চিন্তা প্ৰকাশ কৰিছে।
  • ৰাজ্য চৰকাৰে কোনো লকডাউন দিব নোৱাৰে।
  • কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অনুসৰিহে দিব পাৰিব লকডাউন।
  • সকলোৱে মাস্ক পৰিধান কৰক।
  • মাস্ক নিপিন্ধিলে ৫০০ টকা জৰিমনা লোৱাতো বাধ্যতামূলক কৰা হ'ব।
  • এই ক্ষেত্ৰত উপায়ুক্ত আৰু আৰক্ষীয়ে ভূমিকা ল'ব লাগিব।
  • শনিবাৰে আৰক্ষী আৰু আনবোৰ বিভাগৰ সৈতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ সন্দৰ্ভত আলোচনাত বহিব।
  • ৩০০০কৈ প্ৰতিদিনাই কোভিড পজিটিভ ধৰা পৰিলে পৰিস্থিতি জটিল হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in