শেহতীয়া খবৰ
মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...

সন্ধিয়া মহাৰাষ্ট্ৰ বিদ্ৰোহী বিধায়কৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক সকলক দেখা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়ালৈ মুখ্যমন্ত্ৰী শৰ্মাই বিদ্ৰোহী বিধায়ক সকলৰ বাবে এক আলোচনাত মিলিত হ’ব। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন যোগাযোগত আছে মুখ্যমন্ত্ৰী।

ইফালে মহাৰাষ্ট্ৰৰ বিধায়ক সকল হোটেল ৰেডিশ্বন ব্লুলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে হোটেল খনলৈ গৈ তাত বিধায়ক সকলৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেয়া তদাৰক কৰা হৈছে।

আনহাতে উদ্ধৱ থাকৰে চৰকাৰৰ ৰক্ষাৰ্থে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিৱসেনাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ সৈতেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক বৈঠক অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে সূত্ৰই।

মহাৰাষ্ট্ৰৰ কংগ্ৰেছ বিধায়ক সকলৰ বিধায়নী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছৰ ৪৩ গৰাকী বিধায়ক উপস্থিত আছে।

আৰু পঢ়ক: মন্ত্ৰী-বিধায়ক হৈছে টুৰিষ্ট গাইড, চুৰি পলিটিক্সত নাম সাঙোৰ খালে অসমৰ: ভূপেন বৰা