হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক..

হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক..

ডিজিটেল সংবাদ গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে হোৱা আলোচনাত দিয়া উন্নয়নৰ আশ্বাসৰ দৰে আন বিধায়কসকলৰ সৈতেও আলোচনা কৰি প্ৰতিটো সমষ্টি উন্নয়ন কৰাৰ আশ্বাস প্ৰদান কৰক আৰু বিৰোধী দলৰ বিধায়কৰ মাজত বিভাজন অনাৰ নতুন কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰক। এই আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই আহ্বান জনাইছে। প্ৰেছ বিজ্ঞপ্তিটোত অসম প্ৰদেশ কংগ্ৰেছে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বিৰোধী বিধায়কক তুলুঙা মন্তব্য কৰাৰ উপৰিও বিৰোধী বিধায়কৰ সমষ্টি উন্নয়নৰ কাম শাসকীয় দলৰ বিধায়কৰ সমষ্টিত কৰাৰ দৰে নহব বুলি পৰিবেশ এটা সৃষ্টি কৰি বিৰোধী দলৰ বিধায়কক সমষ্টি উন্নয়নৰ দোহাই দি দলত্যাগ কৰাই শাসক দলত যোগদান কৰাবলৈ বাধ্য কৰালে। আৰু অপ্ৰয়োজনীয় উপ নিৰ্বাচন এটা যোৱা মাহত অসমৰ জনসাধাৰণে দেখা পালে।

অসমত হোৱা তিনিটা সমষ্টিৰ উপ নিৰ্বাচনৰ মূল কাৰণ আছিল সমষ্টি উন্নয়ন। উপ নিৰ্বাচন সময়ত মুখ্যমন্ত্ৰীৰ নির্বাচনী ভাষণ, তথা সমষ্টি উন্নয়নৰ বাবে বিৰোধী দলৰ পৰা গৈ শাসক দলত যোগদান কৰি শাসক দলৰ প্রার্থী হোৱা সকলৰ ভাষণত প্ৰকাশ পাইছিল যে বিৰোধী দলৰ বিধায়ক হৈ সমষ্টি উন্নয়ন কৰিব নোৱাৰিব বুলি আৰু শাসক দলৰ বিধায়ক হলেহে সমষ্টিৰ উন্নয়ন হব বুলি। আনকি বিৰোধী দলৰ বিধায়ক এজনে শাসক দলত যোগদান কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেখেতক সমষ্টি উন্নয়নৰ স্বাৰ্থত আলোচনাৰ বাবে সময় নিদিয়া বুলিও উল্লেখ কৰিছিল।

কিন্তু কালি আমি দেখিলো শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে মূখ্যমন্ত্ৰীয়ে এঘণ্টা সময় আলোচনাত বহিল, সমষ্টি উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰিলে। এয়া ভাল কথা। এয়া তেখেতৰ কৰণীয়। কাৰণ মুখ্যমন্ত্ৰী হিচাপে তেখেত অসমৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ ১২৬ সমষ্টিৰ উন্নয়নৰ দায়িত্ব তেখেতৰ আছে। সেয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ দায়িত্বও তেখেতৰ আছে। 

ইয়াৰ বাবে উক্ত সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত বহি সমষ্টি উন্নয়নৰ আলোচনা কৰা বিষয়টো ইতিবাচক। কিন্তু তেখেতে বিৰোধী বিধায়কে বিধানসভাৰ অধিৱেশনত বক্তব্য ৰখাৰ বাহিৰে আন বিষয়ত সমষ্টিত থকা অভিভাৱক মন্ত্ৰী সকলেহে সকলো কাম কৰিব বুলি ৰাজহুৱা ভাবে বক্তব্য কিয় প্ৰকাশ কৰিছিল? সমষ্টি উন্নয়নৰ দোহাই দি কিয় তিনি গৰাকী বিধায়কক দলত্যাগ কৰাই উপ নিৰ্বাচন পাতি ৰাজহুৱা ধন খৰচ কৰিলে?

ৰাজ্যৰ আৰ্থিক অৱস্থা ধাৰৰ কবলত। SDG india index ৰ সমীক্ষাত উন্নয়ণৰ শেষৰ স্থানত অসম। বাকী থকা ৪ বছৰত অসমৰ স্থান উন্নত হব নে? প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয়। প্ৰতি হাজাৰ নৱজাতকৰ ভিতৰত ৪০ জনৰ হয় মৃত্যু। ৰাজ্যখনৰ ১৬ খন জিলাৰ হাস্পাতালত নাই আই চি ইউ। এনে এক অবস্থাত থকা ৰাজ্যখনৰ উন্নয়নৰ বাবে শাসক আৰু বিৰোধীয়ে মিলি কাম কৰিব লাগে, কিন্তু সেয়া এতিয়াও মুখ্যমন্ত্ৰীৰ কামত প্ৰত্যক্ষ হোৱা নাই।

এখেতে কংগ্ৰেছ দলৰ বিধায়কৰ সৈতে আলোচনাৰ বাবে, কংগ্ৰেছ দলৰ বিধায়কৰ সমষ্টি উন্নয়নৰ বাবে সময় দিব পৰা নাই, আঁচনি দিব পৰা নাই,  বৰং উন্নয়নৰ আশ্বাস দি দলত্যাগ কৰাইছে। এয়া নিম্ন মানদণ্ডৰ ৰাজনীতি, জনতাৰ স্বাৰ্থৰ পৰিপন্থী। এয়া ৰাজ্যবাসীৰ উন্নয়নৰ অন্তৰায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এনে কাৰ্যক নিন্দা কৰো। আমি মূখ্যমন্ত্ৰীক জনাও যে তেখেতে  অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ ১২৬ সমষ্টিৰ উন্নয়নৰ হকে কাম কৰক, অসমৰ ১২৬ জন বিধায়ককে সময় দি প্ৰতিটো সমষ্টি উন্নয়নৰ বাবে আলোচনাত বহক। অন্যথা মূখ্যমন্ত্ৰীয়ে অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ মাজত স্থান দখল কৰিবলৈ সক্ষম কৰাৰ যি সপোন দেখুৱাই আছে সেয়া বাস্তৱ নহব। বৰং ৰাজ্যৰ ৰাজনীতিত এক অস্থিৰ পৰিবেশ সৃষ্টি কৰা বুলি কুখ্যাতি ৰৈ যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in