বিস্ফোৰক তথ্যই প্ৰমাণ কৰিছে সাৰদা কেলেংকাৰীৰ সৈতে জড়িত মন্ত্ৰী হিমন্ত!

বিস্ফোৰক তথ্যই প্ৰমাণ কৰিছে সাৰদা কেলেংকাৰীৰ সৈতে জড়িত মন্ত্ৰী হিমন্ত!
  • গান্ধীবস্তিৰ কেন্দ্ৰীয় কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।
  • সংবাদমেল সম্বোধন কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ।
  • বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা।
  • 'কাইলৈ হিমন্ত বিশ্বৰ সমষ্টিত জালুকাবাৰীত উপস্থিত হৈ অসম বাসীৰ পৰা ভোট ভীক্ষা কৰিব নৰেন্দ্ৰ মোডীয়ে।'
  • 'চোৰৰ বিৰুদ্ধে তেওঁ ব্যক্তব্য দাঙি ধৰিব।'
  • 'বাওঁফালে হিমন্ত বিশ্ব শৰ্মাক বহুৱাইলৈ তেওঁ চোৰৰ বিৰুদ্ধে মন্তব্য কৰিব।'
  • সাৰদা কোম্পানী লুণ্ঠনৰ সন্দৰ্ভতো সংবাদ মেলত মন্তব্য অখিল গগৈৰ।
  • 'চিটফাণ্ড কেলেংকাৰীত জনগণে হেৰুওৱা ধন পুনৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাক মোডীয়ে।'
  • 'যি ধন মুকুল ৰয় আৰু হিমন্ত বিশ্বই লুটি নিলে সেই ধন পুনৰ ঘূৰাই দিয়াৰ ঘোষণা কৰক মোডীয়ে।'
  • সংবাদ মেলত সাৰদা কেলেংকাৰীৰ নায়ক সুদীপ্ত সেনে চিবিআইলৈ লিখা চিঠি দেখুৱাঅ হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ তথ্য দাঙি ধৰিলে অখিল গগৈয়ে।
  • এই চিঠি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ প্ৰেৰণ কৰা বুলি ক'লে কৃষক নেতাজনে।
  • প্ৰায় ১৭ পৃষ্ঠাজোৰা এই চিঠিত পৃষ্ঠা নং ১১ত ইতিমধ্যে জেললৈ যোৱা মাতংগ সিং আৰু মনোৰঞ্জনা সিঙৰ নাম উল্লেখ আছে।
  • ১৭ নং পৃষ্ঠাৰ শেষৰ অংশত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাৰদাৰ পৰা ৩ কোটি টকা লোৱাৰো প্ৰমাণ দেখুৱালে অখিল গগৈয়ে।
  • সেই সময়ত হিমন্ত বিশ্বৰ কাৰ্যালয়ৰ পৰা বহু নথি পত্ৰ সাৰদালৈ প্ৰেৰণ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ পৰা নগদ ৩ কোটি টকা লোৱাৰো তথ্য প্ৰকাশ।
  • 'হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ কথা আমি কোৱা নাই, এই তথ্য আছে চিবিআইৰ ওচৰত।'
  • 'চিবিআইৰ ওচৰত থকা এই চিঠিত হিমন্ত বিশ্ব শৰ্মাৰ নাম স্পষ্টকৈ লিখা আছে।'
  • 'চিটফাণ্ড কেলেংকাৰী সংঘটিত হোৱাৰ পাছতেই ইয়াৰ সৈতে জড়িত বহু এজেন্টৰ ঘৰ গ্ৰাহকে ইতিমধ্যে জ্বলাই দিছে। কাৰণ তেওঁলোকে এই বিষয়ে একো জনা নাছিল।'
  • 'কিন্তু জানি শুনি মুকুল ৰয় আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকা লুটাৰ পিছতো তেওঁলোকেই এতিয়া প্ৰধানমন্ত্ৰীৰ আটাইতকৈ কাষৰ মানুহ।'
  • 'মাতংগ সিং, সদানন্দ গগৈ জেললৈ গৈছে, প্ৰাক্তন ডিজিপি শংকৰ বৰুৱাই ইতিমধ্যে এই কেংলেকাৰীত জড়িত থকাৰ উমান পাই আত্মহত্যা কৰিছে।'
  • 'কিন্তু এতিয়া আমি দেখিবলৈ পাইছো, যিজন প্ৰধানমন্ত্ৰীয়ে নিজকে চকীদাৰ বুলি কয় আৰু দেশৰ চোৰ বিলাকক ধৰাটো তেওঁৰ কৰ্তব্য হয়নে নহয় বুলি প্ৰত্যেকখন সভাতে তেওঁ প্ৰশ্ন কৰে, কিন্তু এতিয়া সেইজনৰ প্ৰধানমন্ত্ৰীৰ সোঁফালৰ মানুহজন মুকুল ৰয় আৰু বাওঁফালৰ জনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা।
  • সংবাদ মেলত ৰাজ্যিক বিজেপিকো ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে।
  • 'শংকৰ সংঘক দিম বুলি কোৱা অধিৱেশনৰ অতিথি আপ্যায়নৰ ভাত দিয়া নাই পীয়ুষ হাজৰিকাই।'
  • 'মুখ্যমন্ত্ৰীয়েও দিয়া নাই দিম বুলি কোৱা ভাত।'
  • "বিজেপিয়ে নিজৰ হাতলৈ নিবলৈ চেষ্টা কৰিছে অসমৰ সকলো অনুষ্ঠান।'
  • 'ভ্ৰষ্টাচাৰী বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰক।'
  • 'সকলো লোকেই প্ৰধানমন্ত্ৰীক ক'লা পতাকা দেখুৱাওক।'
  • 'যিয়ে যেনেকৈ পাৰে বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক।'
  • '১২ তাৰিখে বিধেয়ক গৃহীত কৰাৰ কথা কৈছে।'
  • 'বিজেপিয়ে ভাৰতৰ সংবিধান নাকচ কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।'
  • 'বিজেপিয়ে ধৰ্ম নিৰপেক্ষতাক নসাৎ কৰিছে।'
  • 'সংবিধান প্ৰনয়নৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল ১৯৪৯ চনত।'
  • 'অসমলৈ এদিনতে বাংলাদেশী নাহে।'
  • 'কিন্তু মাত্ৰ তিনিটা প্ৰজন্মৰ ভিতৰতে সমগ্ৰ অসম বাংলাদেশীৰে ভৰি পৰিব।'
  • 'বিজেপিয়ে সৰু সৰু দল মেনেজ কৰি বিধেয়ক গৃহীত কৰিবলৈ ব্যৱস্থা কৰিছে।'
  • '১১ ফেব্ৰুৱাৰীৰ পৰা ৰাইজ ৰাজপথলৈ ওলাই আহক।
  • 'ৰে'ল পথ অৱৰোধ কৰি, প্ৰশাসনক অচল কৰি তোলক ৰাইজে।'
  • 'বিভিন্ন ভুৱা কৌশল অবলম্বন কৰি বিজেপিয়ে অসমীয়াৰ আন্দোলন মষিমূৰ কৰিব বিচাৰিছে।'
  • 'কিন্তু বিজেপিৰ বিৰুদ্ধে, বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰাক ৰাইজে।'
  • 'সংবাদ মাধ্যমক ধমকি দিছে হিমন্তই'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in