শুভবুদ্ধি উদয় হ’ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ’ৰ বাবে থানাত হাজিৰ হ’ব নালাগে হিমাংশু…

শুভবুদ্ধি উদয় হ’ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ’ৰ বাবে থানাত হাজিৰ হ’ব নালাগে হিমাংশু…
  • শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ।
  • থানাত হাজিৰ হ'ব নালাগে হিমাংশু গগৈ।
  • কিছু সময় পূৰ্বে আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই ফোন কৰি হিমাংশুক ক'লে থানালৈ আহিব নালাগে।
  • ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ক কেন্দ্ৰ কৰি হিমাংশু গগৈক মঙলবাৰৰ পুৱা ফটাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে।
  • তাৰ পিছত হঠাৎ থানাত উপস্থিত হ'ব নালাগে বুলি জনালে আৰক্ষী কৰ্তৃপক্ষই।
  • হিমাংশুক যিটো ভিডিঅ'ক কেন্দ্ৰ কৰি আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল সেই ভিডিঅ'টোত হিমাংশুৱে কা সন্দৰ্ভত প্ৰকাশ কৰিছিল নিজস্ব মত।
  • অতি ভদ্ৰভাৱে হিমাংশুৱে ব্যক্ত কৰিছিল মনৰ কথা।
  • আৰক্ষীয়ে হিমাংশুক থানালৈ মতাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।
  • সেই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈছিল বিশেষ লেখা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in