ইষ্ট এণ্ড ৱেষ্ট, হিমা ইজ দ্য বেষ্ট! এছিয়ান গেমছত অকলেই ৩টা পদক…

ইষ্ট এণ্ড ৱেষ্ট, হিমা ইজ দ্য বেষ্ট! এছিয়ান গেমছত অকলেই ৩টা পদক…

ডিজিটেল ডেস্কঃ এছিয়াম গেমছত এটা সোণ আৰু দুটা ৰূপৰ পদকেৰে জিলিকি উঠিছিল অসম কন্যা হিমা দাস।এইবাৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল ৬৯টা পদক। ইয়াৰে সোণৰ পদক আছি ১৫টা, ৰূপৰ ২৪টা আৰু ব্ৰঞ্জৰ পদক ৩০টা। জাকাৰ্টাৰ এছিয়ান গেমছত সৰ্বাধিক পদক বুটলিলে এথলেটিকছসকলে। মুঠ ১৯টা পদক এথলেটিকছে পোৱাৰ বিপৰীতে শ্বুটিঙত ৯টা, মল্লযুদ্ধত ৩টা, ব্ৰীজত ৩টা ৰ'য়িঙত ৩টা, টেনিচত ৩টা, বক্সিঙত ২টা, আৰ্চাৰীত ২টা, স্কোৱাছত ৫টা, একুয়েছট্ৰিয়ানত ২টা, বেডমিন্টনত ২টা, হকীত ২টা, কাবাদীত ২টা, কুৰাশত ২টা, উশ্বুত ৪টা, টেবুল টেনিচত ২টাকে ধৰি মুঠ ৬৯টা পদক লাভ কৰিছে ভাৰতে।

ৰাজ্যৰ হিচাপত সৰ্বাধিক পদক লাভ কৰিছে হাৰিয়ানাই। ৰাজ্যখনৰ খেলুৱৈয়ে মুঠ ১৮টা পদক লাভ কৰিছে। ইয়াৰে ৫টা সোণ, ৫টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদক। আন ৰাজ্যৰ পদকৰ পৰিসংখ্যা হ'ল-

ৰাজ্যসোণৰূপব্ৰঞ্জ মুঠ পদক
অসম
জম্মু-কাশ্মীৰ
হিমাচল প্ৰদেশ
পাঞ্জাৱ ১
দিল্লী ৫
হাৰিয়ানা১৮
উত্তৰপ্ৰদেশ  ৪
পশ্চিমবংগ
ৰাজস্থান ২
গুজৰাট ২
মধ্যপ্ৰদেশ
ঝাৰখণ্ড
মিজোৰাম
মণিপুৰ
উৰিশ্যা
মহাৰাষ্ট্ৰ
কৰ্ণাটক
অন্ধ্ৰপ্ৰদেশ
কেৰালা
তামিলনাডু১২
তেলেংগানা ১

এছিয়ান গেমছত অসমৰ ৬জন খেলুৱৈয়ে যোগাদান কৰিছিল যদিও, কেৱল হিমাইহে ৩টা পদক বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰে এটা সোণ আৰু ২টা ৰূপ। ৪০০ মিটাৰ দৌৰত হিমাই দুবাৰকৈ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল। ৫০.৫৯ ছেকেণ্ডেৰে এই দূৰ অতিক্ৰম কৰি হিমা দ্বিতীয় স্থানত থাকে এছিয়ান গেমছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in