হিজবুল মোজাহিদীনৰে সম্পৰ্ক থকাৰ অপৰাধত পুনৰ আটক আন এজন অসমৰ যুৱক

হিজবুল মোজাহিদীনৰে সম্পৰ্ক থকাৰ অপৰাধত পুনৰ আটক আন এজন অসমৰ যুৱক

ডিজিটেল সংবাদ, নগাঁওঃ লংকাৰ ৮নং উদালীৰ পৰা আৰক্ষীয়ে শনিবাৰে আটক কৰে ছাইদুল আলম নামৰ অন্য এজন যুৱকক। ছাইদুলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নগাঁৱৰ এখন আগশাৰীৰ কলেজৰ ছাত্ৰ ছাইদুল আলম। প্ৰায় ৩ মাহ ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ আছিল ছাইদুল।

উল্লেখ্য যে, হিজবুল মুজাহিদীনৰে সম্পৰ্ক থকাৰ অভিযোগত বৃহস্পতিবাৰে কানপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল হোজাই জিলাৰ যমুনামুখৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কামৰুজ জামান। প্ৰাপ্ত তথ্য অনুসৰি হিজবুল মুজাহিদীনৰ অসমৰ সদস্য বৃহস্পতিবাৰে কানপুৰত গ্ৰেপ্তাৰ হোৱা কামৰুজ জামানৰ বাল্য বন্ধু আছিল ছাইদুল ইছলাম।

ছাইদুলৰ আটকৰ পাছতে হিজবুল মুজাহিদীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ তথা আটক কৰা লোকৰ সংখ্যা ৩জনলৈ বৃদ্ধি। শুকুৰবাৰেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হোজাইৰ যমুনামুখৰ শ্বাহ নৱাজ আলম নামৰ এজন যুৱকক। অসমত এন আৰ চি আৰু ৰহিংগীয়া মুছলমানৰ সমস্যাক কেন্দ্ৰ কৰি এক ৰক্তাক্ত পৰিৱেশ সূচনাৰ বাবে ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে অভিসন্ধি ৰচা বুলি সন্দেহ চোৰাংচোৱা সংস্থাৰ।

ইফালে, কামৰুজক জেৰাৰ বাবে উত্তৰ প্ৰদেশত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল। কামৰুজ ভাড়াতিয়া হিচাবে থকা ঘৰটোত অসম আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভাৱনা আছে। অতিৰিক্ত আৰক্ষী অধীক্ষক কাকলি বন্যা বৰুৱাৰ নেতৃত্বত উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে আৰক্ষীৰ দলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in