কন্যাৰ বিয়াৰ বাবে থোৱা ধন, বৃদ্ধাৰ পেঞ্চনো আত্মসাৎ কৰিছিল পোষ্ট মাষ্টাৰ মাণিকে…

কন্যাৰ বিয়াৰ বাবে থোৱা ধন, বৃদ্ধাৰ পেঞ্চনো আত্মসাৎ কৰিছিল পোষ্ট মাষ্টাৰ মাণিকে…

ডিজিটেল ডেস্কঃ হেঙেৰাবাৰীৰ ৰীতা ডাকঘৰৰ গ্ৰাহকৰ একাউণ্টৰ পৰা ডাকঘৰটোৰ পোষ্ট মাষ্টাৰগৰাকীয়ে কৌশলেৰে ধন আত্মসাৎ কৰা ঘটনাৰ সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এগৰাকী গ্ৰাহকৰ অভিযোগ মতে, এই কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষভাৱে পোষ্ট মাষ্টাৰ মাণিক দেউৰী জড়িত থকা বুলি বিভাগীয়ভাৱে তদন্ত চলিলেও ইয়াৰ সৈতে ডাক বিভাগৰ আন বিষয়া-কৰ্মচাৰী জড়িত হৈ থকাৰ সম্ভাৱনা আছে।

ডাকঘৰটোত থকা ছেভিং একাউণ্ট ২০১৮০৪৫৭২১ নম্বৰৰ পৰা হৰলকি হৈছে ৪৫ হাজাৰ টকা । ৰীণা মেধিৰ নামত থকা এই একাউণ্টটোৰ পৰা ধন আত্মসাৎ কৰা ঘটনা এবছৰ পূৰ্বেই গম পাইছিল ৰীণা মেধিৰ পুত্ৰই। এই সন্দৰ্ভত তেওঁক মেঘদূত ভৱনত ২০১৮ৰ আগষ্ট মাহতেই এক অভিযোগ পত্ৰ দাখিল কৰিছিল। কিন্তু এই অভিযোগ সেই সময়ত গুৰুত্বসহকাৰে লোৱা নাছিল ছুপাৰিটেণ্ডেন্ট অৱ পোষ্ট অফিচৰ দায়িত্বত থকা নিপেন ডেকা নামৰ বিষয়াগৰাকীয়ে।

এই অভিযোগৰ সন্দৰ্ভত তেওঁক উলুবাৰীত থকা ইনছপেক্টৰ অৱ পোষ্ট অফিচৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছিল যদিও, কেইবাদিনো গৈ তাত কোনো বিষয়াকে লগ নাপালে ব্যক্তিগৰাকীয়ে।

ইফালে, ৰীণা মেধি নামৰ গ্ৰাহকগৰাকীৰ স্বামী আছিল গড়কাপ্টানী বিভাগৰ কৰ্মচাৰী। স্বামীৰ মৃত্যুৰ পাছত পেঞ্চনৰ ধন ডাকঘৰটোত জমা থৈছিল মহিলাগৰাকীয়ে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক আন এগৰাকী গ্ৰাহকে জানিব দিয়া মতে, তেওঁৰ কন্যাৰ বিয়াৰ বাবে জমা থৈছিল পোষ্ট অফিচত ধন।

ক'কাকোলা কোম্পানীত কাম কৰা এই ব্যক্তিজনে কন্যাৰ বিয়াৰ বাবে ধন উলিয়াবলৈ গৈহে গম পাইছিল যে ডাকঘৰৰ একাণ্টৰ পৰা ধন হৰলকি হৈছিল। পত্নী মিনতি কলিতাৰ নামত একাউণ্ট নম্বৰ ২০১৮০৫৩১৬০ত ধন জমা থৈছিল তাৰিণী কলিতাই।

এবছৰ পূৰ্বেই এই ঘটনা পোহৰলৈ অহাত তেওঁ প্ৰথমে হেঙেৰাবাৰী ডাকঘৰত নতুনকৈ অহা পোষ্ট মাষ্টাৰগৰাকীক সবিশেষ জনাইছিল। তেওঁ এই অভিযোগ মেঘদূত ভৱনত জমা দিবলৈ কৈ দায়িত্ব সামৰিছিল। মেঘদূত ভৱনলৈ কেইবাবাৰো অহা-যোৱা কৰা কোনো সুউত্তৰ নাপাই ব্যক্তিগৰাকীয়ে উলুবাৰীৰ চক্ৰৱৰ্তী নামৰ ডাক বিভাগৰ ইনস্পেক্টৰগৰাকীক সাক্ষাৎ কৰিছিল।

কন্যাৰ বিয়াৰ বাবে জমা থোৱা ধন হৰলকি হোৱাত উপায়ন্ত হৈ পৰিছিল এই ব্যক্তিজন। ১৫ দিনৰ পূৰ্বেই তেওঁ পুনৰ মেঘদূত ভৱনলৈ গৈ খবৰ লৈছিল একাউণ্টৰ পৰা হৰলকি হোৱা ধনৰ সন্দৰ্ভত। ইফালে, অৰ্চনা কলিতা নামৰ আন এগৰাকী ডাকঘৰটোত ধন জমা থোৱা মহিলাৰ ৫,০৫০০০ টকা পোষ্ট মাষ্টাৰ দেউৰীয়ে আত্মসাৎ কৰাৰ তথ্যও পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে, ভাতৃৰ বিয়াৰ বাবে ধন জমা থোৱা এই মহিলাগৰাকীৰ ভাতৃৰ বিয়া নগাঁৱত ১৩ ছেপ্টেম্বৰ, ২০১৯ত অনুষ্ঠিত হৈছে। বিশাল পৰিমানৰ ধন আত্মসাৎ কৰি চাকৰিৰ পৰা নিলম্বিত হোৱা দেউৰী নামৰ পোষ্ট মাষ্টাৰগৰাকী মহানগৰীৰ কালাপাহাৰত থাকে বুলি জানিব পৰা গৈছে।

হেঙেৰাবাৰীৰ এই ডাকঘৰটোৰ পৰা গ্ৰাহকৰ ধন আত্মসাৎ কৰি ধৰ পৰা এই পোষ্ট মাষ্টাৰগৰাকীয়ে হেঙেৰাবাৰীৰ ডাকঘৰতে ফেনাইল খাই আত্মহত্যাৰো চেষ্টা চলাইছিল। কম্পিউটাৰত লিংক নাই, পাছবুক প্ৰিন্টিংঙৰ মেচিন বেয়া হৈ আছে বুলি মিছা অজুহাত দেখুৱাই পোষ্ট মাষ্টাৰগৰাকীয়ে গ্ৰাহকৰ ধন জেপত ভৰাইছিল।

অৱশ্যে তেওঁ গ্ৰাহকৰ পাছবুকত হাতেৰে ধন জমা দিয়া বুলি ধনৰ পৰিমান লিখি দি তাত ছীল-মোহৰ মাৰি পঠিয়াইছিল। যোৱা এবছৰে ডাক বিভাগে এই বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ধন হেৰুৱাই হাহাকাৰ কৰা গ্ৰাহকসকলে।

শেহতীয়াকৈ ডাক বিভাগে এই ডাকঘৰৰ পৰা ধন হেৰুওৱা গ্ৰাহকৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত ৩৫গৰাকী গ্ৰাহকৰ নামহে উল্লেখ আছে। ইফালে, এই খবৰ বিয়পি পৰাত শুকুৰবাৰৰ দিনা ডাকঘৰটোত জমা থোৱা ধনৰ খবৰ ল'বলৈ আহিছিল এগৰাকী মহিলা। পাছবুক আপডেট কৰাতহে মহিলাগৰাকীয়ে জানিব পাৰিলে- তেওঁৰ একাউণ্টৰ পৰাও নাই ৭ লাখ টকা।

ডাক বিভাগে এই গ্ৰাহকসকলৰ ধনৰাশি কেতিয়া ঘূৰাই দিব সেই সন্দৰ্ভতো কোনো কথা প্ৰকাশ কৰা নাই। ইতিমধ্যে যিসকল গ্ৰাহকে অভিযোগ দাখিল কৰিছে, তেওঁলোকৰ মুল পাছবুক আৰু অন্যান্য নথিপত্ৰসমূহ জমা লৈছে মেঘদূত ভৱনে।

হেঙেৰাবাৰী ডাকঘৰৰ একাউণ্টৰ পৰা ধন হৰলকি হোৱা গ্ৰাহকসকলৰ ভিতৰত বেবী ভৰালী একাউণ্ট নম্বৰ ২০১৮০৩৩৪৪৫ৰ পৰা ৬৫,৭০৪২ টকা, বীৰেন্দ্ৰ নাথ হাজৰিকাৰ ৪০০৫৩২৫৪৮৯ একাউণ্টৰ পৰা ৮০ হাজাৰ, অৰ্চনা কলিতাৰ ৩১৭১৩০৪৩১১ একাউণ্টৰ পৰা ৫,০৫০০০ টকা, জয়ন্ত প্ৰসাদ চৌধুৰী ২০১৮০৫৫৩৪৮ একাউণ্টৰ পৰা ৮৮,৫০০ টকা, ফণীধৰ কলিতাৰ ২০১৮০৩৪৯২৩ একাউণ্টৰ পৰা ৪লাখ টকা হৰলকি হৈছে।

এনে এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ পাছতো যোৱা এবছৰে ডাক বিভাগে বিষয়টো যিদৰে গুৰুত্ব দিব লাগিছিল, তেনে গুৰুত্ব দিয়াৰ সলনি বিভাগীয় তদন্ত কৰা বুলিয়ে কৈ গ্ৰাহকসকলক আভুৱাভৰি আহিছে। এই সন্দৰ্ভত ডাক বিভাগৰ পৰা আৰক্ষীক কোনো গোচৰ নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী গ্ৰাহকসকলে।

ডাক বিভাগত এনে কেলেংকাৰী পোহৰলৈ অহাৰ পাছত ৰাজ্যৰ আন ডাকঘৰটো অনুৰূপ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ সন্দেহ কৰিছে এই সকল গ্ৰাহকে। সেয়েহে বিষয়টো গুৰুত্ব সহকাৰে লৈ চি বি আই তদন্ত বিচাৰিছে হেঙেৰাবাৰীৰ ধন হেৰুওৱা গ্ৰাহকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in