বিশিষ্ট শিক্ষাবিদ হেমেন্দ্ৰ কুমাৰ গগৈক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন…

বিশিষ্ট শিক্ষাবিদ হেমেন্দ্ৰ কুমাৰ গগৈক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন…

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক ,সাংস্কৃতিক কৰ্মী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈৰ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা ৰাজ্য চৰকাৰৰ ৷ ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰী নৱ দলে আৰু লখিমপুৰ জিলা উপায়ুক্ত ডা° জীৱন বি এ ৷

উত্তৰ লখিমপুৰ মহাবিদ্যালয় প্ৰাংগনত অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে ৪২ টা টোপধ্বনিৰে শিক্ষাবিদ গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পূৰ্বে শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ পুস্প সজ্জিত বাহনত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়া হয় শ্ৰদ্ধাঞ্জলীৰ বাবে ৷

আছুৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আছু, এজেৱাইচিপি ,সাহিত্য সভা ,নাবিক ,নট সৈনিক ,নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবকে ধৰি শতাধিক সংগঠনে শ্ৰদ্ধা নিবেদন কৰে ৷

আনহাতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়তো মহাবিদ্যালয়ৰ পৰিয়াল ,এ আই চি চি ৰ সম্পাদক ভূপেন বৰাকে ধৰি বিশিষ্ট ব্যক্তি আৰু শতাধিক দল সংগঠনে শিক্ষাবিদ গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in