সাৱধান, অসমত নেৰে বৰষুণ ! অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ বৃষ্টিপাতেও বৃহৎ ক্ষতি কৰিব ৰাজ্যৰ…

সাৱধান, অসমত নেৰে বৰষুণ ! অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ বৃষ্টিপাতেও বৃহৎ ক্ষতি কৰিব ৰাজ্যৰ…

ডিজিটেল ডেস্ক: যোৱা ৩ দিন ধৰি অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত বৰষুণ আৰু ভূমিস্খলনে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল, মেঘালয়, নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি কৰিছে। এই ৰাজ্য কেইখনত আগন্তুক ৫ দিনত হ'ব প্ৰৱল বৃষ্টিপাত।

এবতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এক বুলেটিনত উল্লেখ কৰা হৈছে যে, মেঘালয়ত বিশেষকৈ প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে। ১৬ জুনৰ পৰা ১৯ জুনলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই  বহু বেছি বৰষুণ হ'ব বুলি আগতীয়া জাননী জাৰি কৰিছে।

এই সময়চোৱাত প্ৰতিদিনেই ১৫৫.৬ৰ পৰা ২০৪.৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব বুলি বুলেটিন খনত সদৰি কৰা হৈছে। ইফালে ১৫ জুনৰ পৰা ১৮ জুন পৰ্যন্ত অসমৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

এই জিলা কেইখন হ'ল- গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, মৰিগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড় আৰু শোণিতপুৰ। স্কাইমেটৰ তথ্য অনুসৰি আগন্তুক ৫ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব।

আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং, ৱেষ্ট কামেং, ল'ৱাৰ সোৱণশিৰী, পাপুমপাৰে, চিয়াং, আপাৰ চিয়াং, দিবাং ভেলী, ল'ৱাৰ ডিবাং ভেলী, লোহিত, চাংগলাং, তিৰাপ আৰু লংডিঙ্গত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই জিলা কেইখনত ২০৪.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে অৰুণাচলত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত কেইবাস্থানতো ভূমিস্খলন সংঘটিত হৈছে।

যোৱা ৩ দিন ধৰি হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীয়ে ৰাজ্যৰ বান পৰিস্থিতি যে আৰু শোচনীয় হৈ পৰিব সেই সম্ভাৱণাই দেখা দিছে। ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। নামনি অসমৰ বহু ন ন ঠাই বানৰ কবলত পৰিছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা প্ৰচুৰ বৰষুণৰ ফলত ৰাজ্য খনৰ কেইবা ঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে মেঘালয়ৰ মাজেৰে যোৱা শিলচৰ সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে যোগাযোগ বিচ্ছিন্ন হৈছে। অসমৰ লগতে চুবুৰীয়া ৰাজ্য কেইখনত এইদৰে প্ৰৱল বৃষ্টিপাতৰ আশংকা প্ৰকাশ হোৱাত এই ৰাজ্য সমূহৰ পৰা বৈ অহা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত অসমৰ বান পৰিস্থিতি যে অধিক জটিল হৈ পৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in