কেতিয়াৰে পৰা বন্ধ হ’ব টিক-টক! সবিশেষ জানিবলৈ পঢ়ক…

কেতিয়াৰে পৰা বন্ধ হ’ব টিক-টক! সবিশেষ জানিবলৈ পঢ়ক…

ডিজিটেল ডেস্কঃ কেইটামান দিনৰ পূৰ্বে খুবেই চৰ্চা হোৱা এটা খবৰ আছিল যে বন্ধ হ'ব টিকটক। কিছুলোকৰ বাবে এইখবৰ আছিল অতি বেয়া খবৰ, কিয়নো আজৰি সময় অতিবাহিত কৰিবলৈ তেওলোকে ব্যৱহাৰ কৰে টিকটক। এই খবৰক লৈ ছচিয়েল মিডিয়াত এতিয়া ব্যাপক চৰ্চা।

  • সচাকৈয়ে বন্ধ হ'ব নেকি টিকটক? 

দৰাচলতে টিকটক বন্ধ হ'ব বুলি বহু সংবাদমাধ্যমে প্ৰচাৰ কৰিলেও আচলতে প্ৰায় ১৫০ খন দেশত ৭৫ টা ভাষাত উপলদ্ধ এই মোবাইল এপটো নিষিদ্ধ কৰা ইমান সহজ নহয়।  মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বানহে জনাইছে। ইকনমিক টাইমছত প্ৰকাশিত বাতৰি অনুযায়ী তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ন্যায়ালয়ৰ ৰায়ৰ সবিশেষ চালি-জাৰি চাবলৈ আৰম্ভ কৰিছে। মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াই সদৰী কৰা মতে, ন্যায়ালয়ৰ আহ্বান অনুযায়ী তৎমুহূৰ্ততে এপবিধ বন্ধ কৰি দিয়াতো সম্ভৱ নহয়।

  • কৰ পৰা আৰম্ভ হৈছিল টিকটকৰ এই প্ৰক্ৰিয়াঃ

এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ কেবাটাও উগ্ৰ সংগঠনৰ কেবাগৰাকী নেতাৰ লগতে দুই-এজন কট্টৰ ৰাজনৈতিক নেতা সৰৱ হৈ পৰিছিল টিকটকৰ বিৰুদ্ধে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে টিকটকে মুকলিকৈ যৌনতাৰ পোহাৰ মেলিছে আৰু দেশৰ উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। একেটা অভিযোগ লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মুথু কুমাৰ নামৰ এজন অধিবক্তা। ৰাজহুৱা স্বাৰ্থজনিত আবেদনত তেওঁ উল্লেখ কৰে যে টিকটকৰ ভিডিঅ'বোৰ পৰ্ণ'গ্ৰাফীৰ সদৃশ, এনে ভিডিঅ'ই ভাৰতীয় সংস্কৃতি ধ্বংস কৰিব। এপবিধৰ বাবে শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা আৰু বহু লোকে আত্মহত্যা কৰা বুলিও আবেদনখনৰ জৰিয়তে ন্যায়ালয়ক অৱগতে কৰে অধিবক্তাগৰাকীয়ে।

মুথু কুমাৰৰ উক্ত আবেদনৰ ওপৰত ভিত্তি কৰিয়েই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এপবিধৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। এই আহ্বানৰ পিছতে সমগ্ৰ বিষয়টোক লৈ দুটা ভাগত বিভক্ত হৈ পৰিছে নেটিজেনসকল। এপবিধ চীনা এপ হোৱা বাবে আদালতৰ এই নিৰ্দেশৰ পিছতে উৎফুল্লিত হৈ পৰিছে উগ্ৰ দেশপ্ৰেমৰ কথা কৈ অহা কেবাটাও হিন্দুত্ববাদী সংগঠন। বিপৰীতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতলৈ যাবলৈ সাজু হৈছে Internet Freedom Foundation চমুকৈ আইএফএফ।

আইএফএফৰ মতে টিকটক নামৰ এপবিধে ইউজাৰসকলক ভিডিঅ', lip-syncing আৰু অভিনয়ৰ জৰিয়তে নিজক প্ৰকাশ কৰাৰ সুযোগ দিছে। এপবিধত শ্বেয়াৰ কৰা ভিডিঅ'সমূহক আধুনিক কলা হিচাপেও আখ্যা দিছে ইণ্টাৰনেটৰ স্বাধীনতাৰ পক্ষে মাত মাতি অহা সংস্থাটোৱে। এনে এক আশ্চৰ্যজনক প্লেটফৰ্মক কোনো কাৰণতে একপক্ষীয়ভাৱে নিষিদ্ধ ঘোষণা কৰা উচিত নহয় বুলিও স্পষ্টকৈ কৈছে আইএফএফে।

ইফালে আদালতৰ এই ৰায়দানক লৈ টিকটক কৰ্তৃপক্ষয়ো নিজৰ মন্তব্য আগবঢ়াইছে। এক বিবৃতিত টিকটক কৰ্তৃপক্ষই জনাইছে যে তেওঁলোকে প্ৰতিখন দেশতে স্থানীয় আইন মানি চলি সেৱা আগবঢ়াই গৈছে। আদালতৰ নিৰ্দেশ অধ্যায়ন কৰি সেইদৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলিও সদৰী কৰিছে এপবিধৰ কৰ্মকৰ্তাসকলে।

  • টিকটকৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় কেতিয়া?

আই এফ এফে দেশৰ উচ্চতম ন্যায়ালয়ত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ভিত্তিত অহা ১৫ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, ভাৰতৰ পূৰ্বে আমেৰিকাৰ, ইণ্ডোনেছিয়া, আৰি বাংলাদেশতো চৰকাৰৰ ৰোষত পৰিছিল টিকটক। আনকি ২০১৮ চনৰ জুলাই মাহত ইণ্ডোনেছিয়া চৰকাৰে এপবিধ নিষিদ্ধ ঘোষণা কৰে। কিন্তু নতুন ছিকিউৰিটি ফিচাৰ্ছ সংযোজনৰ পিছতে পুনৰ টিকটকৰ বিৰুদ্ধে জাৰি কৰা সেই নিষেধাজ্ঞা উঠাই লয় ইণ্ডোনেছিয়া চৰকাৰে। বাংলাদেশে যোৱা ফেব্ৰুৱাৰী মাহত কেবাটাও গোড়া ইছলামিক সংগঠনৰ দাবীলৈ চাই ২০ হাজাৰৰো অধিক পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে অশ্লীলতাৰ অভিযোগত টিকটককো একেটা শাৰীতে ৰাখে বাংলাদেশ চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে। শেহতীয়া খবৰ অনুযায়ী টিকটক কৰ্তৃপক্ষৰ সৈতে বাংলাদেশ চৰকাৰেও আলোচনাত মিলিত হৈছে।

উল্লেখ্য যে, আজিৰ তাৰিখত বিশ্বজুৰি ৫০ কোটিৰো অধিক ইউজাৰ আছে টিকটকৰ। বাইট ডান্স নামৰ চীনৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এই এপটো সৰ্বাধিক ব্যৱহাৰকাৰীৰ সংখ্যা আছে চীনত। ভাৰতবৰ্ষতো কোটিৰ ঘৰত আছে টিকটক ব্যৱহাৰকাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in