সোমবাৰে লণ্ডনৰ আদালতত হ’ব বিজয় মালিয়া কাণ্ডৰ চূড়ান্ত শুনানি

সোমবাৰে লণ্ডনৰ আদালতত হ’ব বিজয় মালিয়া কাণ্ডৰ চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ দেশৰ বেংকৰ পৰা হাজাৰ কোটি টকা লৈ দেশবাসী আৰু চৰকাৰক প্ৰৱঞ্চনা কৰি বিদেশলৈ পলায়ন কৰা বিজয় মালিয়াৰ বিৰুদ্ধে লণ্ডনতো চলি আছোে গোচৰ৷ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতত চলি থকা বিজয় মালিয়া কাণ্ডৰ শুনানিত ভাগ ল'বলৈ চিবিআই আৰু ইডিৰ এটা বিশেষ দল ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হৈছে৷

লণ্ডনৰ আদালতত চলি থকা বিজয়া মালিয়া কাণ্ডৰ শুনানি দীৰ্ঘ সময় ধৰি চলি থকাৰ পিছত সোমবাৰে ইয়াৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি আদালতে সিদ্ধান্ত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷ ব্ৰিটেইনলৈ প্ৰেৰণ কৰা চিবিআই আৰু ইডিৰ বিশেষ দলটোৰ নেতৃত্ব বহন কৰিছে চিবিআইৰ যুটীয়া সঞ্চালক এ সাই মনোহৰে৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই দলটোৰ নেতৃত্বত চিবিআইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানা আছিল৷ কিন্তু কিছু দিন পূৰ্বে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদবীৰ পৰা অব্যাহতি প্ৰদান কৰাত দলটোৰ নেতৃত্ব যুটীয়া সঞ্চালক সাই মনোহৰক প্ৰদান কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in