মদ-চিগাৰেট ত্যাগ কৰি কৰ্কটৰ পৰা সুৰক্ষিত থাকক

প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হয়। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে চিনাক্তকৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য

author-image
asomiyapratidin
New Update
মদ-চিগাৰেট ত্যাগ কৰি কৰ্কটৰ পৰা সুৰক্ষিত থাকক

ডিজিটেল ডেস্ক: প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হয়। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে চিনাক্তকৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপনৰ আন দুটা দিশ হৈছে এই ৰোগ সম্পৰ্কে থকা ভুল ধাৰণা সমূহ দূৰ কৰা আৰু ৰোগীসমূহৰ লগত হোৱা সামাজিক বৈষম্য ৰোধ কৰা।

Advertisment

আজি এই বিশেষ দিনটোত এই ৰোগৰ কাৰণ সম্পৰ্কে জানো আহক-

ধূমপান

এয়া সত্য যে, আমি সকলোয়ে জানো ধূমপানৰ ফলত কৰ্কট ৰোগকে ধৰি অন্যান্য বিভিন্ন দীৰ্ঘম্যাদী ৰোগ হ'ব পাৰে। ধূমপানে হাঁওফাঁওৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় আৰু ইয়াৰ উপৰিও অসংখ্য ক্ষতিকাৰক ৰোগৰ আশংকা বৃদ্ধি কৰে। ধূমপান নকৰিলে আপোনাৰ কৰ্কট ৰোগ হোৱাৰ আশংকা যথেষ্ট হ্ৰাস হয়।সেয়ে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিয়েই ধূমপান কৰা বন্ধ কৰক।

শাৰীৰিক চলাচলৰ অভাৱ

প্ৰতিদিনে কমেও আধাঘণ্টা ব্যায়াম কৰিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস হয়। ব্যায়াম বুলিয়েই নহয়, ঘৰুৱা কাম-কাজ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখিলে বহু বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি।এক গৱেষণাৰ মতে, সপ্তাহত কেইদিনমান বাগিচাত কাম কৰাৰ দৰে অলপ কাৰ্যকলাপেও আপোনাৰ হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু অন্যান্য কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে।

মেদবহুলতা

কৰ্কট ৰোগৰ এটা মুখ্য কাৰণ হৈছে মেদবহুলতা।মেদবহুলতাৰ বাবে স্তনৰ কৰ্কট, মলদ্বাৰ আৰু অন্ত্ৰৰ কৰ্কট, এণ্ডোমেট্ৰিয়েল কৰ্কট, খাদ্যনলীৰ কৰ্কট, অগ্ন্যাশয়ৰ কৰ্কট আৰু বৃক্কৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়।অতিৰিক্ত চৰ্বি কোষে অধিক এষ্ট্ৰোজেন আৰু ইনচুলিন প্ৰস্তুত কৰে, যি কৰ্কট ৰোগৰ বিকাশত সহায় কৰে।সেয়েহে, স্বাস্থ্যকৰ জীৱন যাপন কৰি শৰীৰৰ ওজন জোখত ৰাখি আপুনি আপোনাৰ বিপদাশংকা হ্ৰাস কৰিব পাৰে।

দুৰ্বল আহাৰ

কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী।শাক-পাচলি, ফল-মূল, সম্পূৰ্ণ শস্যকে ধৰি প্ৰ'টিন জাতীয় খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাটো দৰকাৰী।আনহাতে, খাদ্যৰ তালিকাত কাৰ্বোহাইড্ৰেট যাতে সীমিত পৰিমাণে থাকে, তাৰ প্ৰতি আপুনি সচেতন হ’ব লাগিব।

অতিৰিক্ত সূৰ্যৰ সংস্পৰ্শ

অত্যাধিক পৰিমাণৰ সূৰ্যৰ সংস্পৰ্শৰ ফলত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে।ৰদত বেছি সময় থাকিলে ছানবাৰ্ণ বা টেনও হয়।এই ক্ষেত্ৰত ছানস্ক্ৰীণ সহায়ক হয় যদিও ৰ'দত থাকোতে আপুনি সাৱধানতা অৱলম্বন কৰা উচিত। দুপৰীয়াৰ ৰ'দত বহি থকা পৰিহাৰ কৰিব, ছাতি ব্যৱহাৰ কৰিব, উপযোগী পোছাক পিন্ধিব আৰু চকুৰ সুৰক্ষাৰ বাবে আপোনাৰ ছানগ্লাছ পাহৰি নাযাব।

অতিৰিক্ত সুৰাপান

সুৰায়ে আমাৰ শৰীৰৰ কোষবোৰৰ ক্ষতি কৰি কৰ্কট ৰোগ সৃষ্টি কৰা পদাৰ্থ উৎপাদনত উদগনি দিব পাৰে। সেয়ে একেবাৰে সুৰা ত্যাগ কৰিব নোৱাৰিলেও লাহে লাহে ইয়াক সেৱন কৰাৰ পৰিমাণ কমায় দিয়ক।

সংক্ৰমণ

কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিবলৈ সংক্ৰমণ এক কাৰক হ’ব পাৰে। কিছুমান ভাইৰেল সংক্ৰমণৰ ফলত ডিএনএত পৰিৱৰ্তন হয় যাৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে। অন্যান্য সংক্ৰমণ, যেনে এইচ.আই.ভি.-য়ে ৰোগ প্ৰতিৰোধ প্ৰণালী কমাই দিয়ে, যাৰ ফলত ই কৰ্কট ৰোগৰ বিস্তাৰ বন্ধ কৰিবলৈ কম সক্ষম হয়।

Also Read: Heart Health: হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ উপায়

cancer day