মহিলাসকলৰ বাবে নীৰৱ ঘাটক এইসমূহ ৰোগ

মহিলাসকলে কাম, মাতৃত্ব তথা অন্তহীন ঘৰুৱা কৰ্তব্যৰ মাজত গোটেই জীৱনটোতেই ভাৰসাম্য বজাই চলিবলগীয়া হয়।যাৰ বাবে তেওঁলোকে নিজকে খুব কম সময় দিবলৈ বাধ্য হৈ পৰে

author-image
Asomiya Pratidin
New Update
মহিলাসকলে সংগীৰ বাবে এইসমূহ কেতিয়াও ত্যাগ নকৰিব

ডিজিটেল ডেস্ক : মহিলাসকলে কাম, মাতৃত্ব তথা অন্তহীন ঘৰুৱা কৰ্তব্যৰ মাজত গোটেই জীৱনটোতেই ভাৰসাম্য বজাই চলিবলগীয়া হয়।যাৰ বাবে তেওঁলোকে নিজকে খুব কম সময় দিবলৈ বাধ্য হৈ পৰে।কিন্তু এইদৰে নিজকে উপেক্ষা কৰাৰ বাবে মহিলাসকলৰ মাজত হৃদযন্ত্ৰৰ সমস্যা, উচ্চ ৰক্তচাপ, মধুমেহ, যকৃতৰ ৰোগ আদিৰ দৰে বহু স্বাস্থ্য সমস্যাই ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে।এই ৰোগবোৰৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে যদিও পিছৰ পৰ্যায়ত নিয়ন্ত্ৰণ বা চিকিৎসা কৰা কঠিন হৈ পৰে।মহিলাসকলৰ দেহত নীৰৱে জটিল ৰূপ ধাৰণ কৰা এনে কিছুমান মাৰাত্মক ৰোগ হৈছে-

Advertisment

ডিম্বাশয়ৰ কৰ্কট ৰোগ

এই মাৰাত্মক ৰোগে প্ৰতি ৭৫ গৰাকী মহিলাৰ ভিতৰত এগৰাকীক প্ৰভাৱিত কৰে। ভয়াৱহ কথাটো হ'ল যে বহুতো মহিলাৰ এই ৰোগৰ বিষয়ে প্ৰথমে একো গমকে নাপায়।যাৰ ফলত মহিলাসকলে অকালতে জীৱন ত্যাগ কৰিবলগীয়া হয়।

কাৰ্ডিওভাস্কুলাৰ ৰোগ

যদি আপোনাৰ পৰিয়ালত কাৰ্ডিওভাস্কুলাৰ ৰোগৰ ইতিহাস আছে, তেতিয়া আপুনি এই ৰোগৰ লক্ষণবোৰৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত।এই ৰোগৰ লক্ষণ প্ৰথম অৱস্থাত একেবাৰে সামান্য। উশাহ ছুটি হোৱা, ওকালি অহা আৰু অৱসাদ হৈছে এই ৰোগৰ প্ৰধান লক্ষণ। 

লুপাছ

লুপাছ হৈছে এক দীৰ্ঘম্যাদী অটোইমিউন ৰোগ যি শৰীৰৰ যিকোনো স্থান যেনে ছাল, গাঁঠি অথবা শৰীৰৰ ভিতৰৰ অঙ্গৰ যথেষ্ট ক্ষতি কৰিব পাৰে।এই ৰোগত আক্ৰান্ত হ’লে নাক বা গালত দাগ পৰিব পাৰে।শৰীৰটো অস্বস্তিকৰ আৰু ভাগৰুৱা হোৱাৰ লগতে উশাহ লোৱাটো কঠিন হৈ পৰিব পাৰে। এই ৰোগৰ অন্যান্য সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে চুলি সৰা, পেটৰ অসুবিধা আৰু মাইগ্ৰেইন।

 ডায়েবেটিচ

ডায়েবেটিচ এতিয়া অতি সাধাৰণ ৰোগত পৰিণত হ’লেও এই ৰোগৰ পৰা কিন্তু জীৱনত মুক্ত হ’ব পৰা নাযায়।ডায়েবেটিচৰ লক্ষণবোৰ বিশেষকৈ টাইপ ২ ডায়েবেটিচ ইমান সূক্ষ্ম আৰু আপাতদৃষ্টিত ক্ষতিকাৰক হ'ব পাৰে যে মানুহে অনুভৱ নকৰাকৈ ই সমস্যা বিকশিত হ'ব পাৰে।

পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ হৈছে এক স্নায়বিক ৰোগ য'ত স্নায়ু কোষবোৰ অপৰিৱৰ্তনীয় ভাৱে ধ্বংস হোৱালৈকে অৱনমিত হয়। ৰোগীসকলে সকলো পেশীৰ ক্ষমতা হেৰুৱাই আৰু অৱশেষত এজন ব্যক্তিয়ে অকালতে জীৱন হেৰুৱায়।