/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dbd33f15-f920-460e-bdb1-f3bb59bb48e9/AP_FOR_WEB_disease.jpg)
ডিজিটেল ডেস্ক: ঠাণ্ডা আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুতৰে হাত আৰু ভৰি জঠৰ হ'বলৈ আৰম্ভ কৰে।বহু ক্ষেত্ৰত এইটো স্বাভাৱিক যদিও বাৰে বাৰে যদি এনে হয়, তেন্তে ইয়াক একেবাৰে উপেক্ষা নকৰিব। এনেদৰে হাত-ভৰি জঠৰ হোৱাৰ মুখ্য কাৰণ হৈছে আমাৰ ৰক্ত নলীবোৰ সংকুচিত হোৱা। ৰক্তনলী সংকুচিত হ'লে বাকী অংগবোৰলৈ অক্সিজেনৰ যোগান হ্ৰাস হ'বলৈ আৰম্ভ কৰে।কিন্তু কেতিয়াবা এনে জঠৰতা শৰীৰত তেজৰ অভাৱ তথা শিৰাবোৰত হোৱা অৱৰোধৰ বাবেও হ'ব পাৰে, যিয়ে পৰৱৰ্তী সময়ত গুৰুতৰ ৰূপ ল’ব পাৰে।
হয়, শৰীৰত তেজৰ অভাৱ হ’লেও হাত আৰু ভৰি জিনজিনাই থাকে। সেয়েহে খাদ্য তালিকাত গাজৰ, আপেল, ডালিম, বীটৰুট, কাঠবাদাম, আখৰোট, কিচমিচ আদিকে ধৰি সকলো আইৰণ আৰু কেলচিয়ামযুক্ত খাদ্য অন্তৰ্ভূক্ত কৰিব লাগে। ৰাতি কিচমিচ পানীত তিয়াই ৰাতিপুৱা সেই পানীখিনি খাব। এনেদৰে খালে শৰীৰত তেজৰ অভাৱ দূৰ হয়।
আনহাতে, শৰীৰত শিৰাৰ অৱৰোধ থাকিলেও হাত আৰু ভৰি জঠৰ হ'বলৈ আৰম্ভ কৰে। যদি এনে হয়, তেন্তে নহৰু আৰু আদা খাব। ই শিৰাবোৰৰ আভ্যন্তৰীণ ভাগটো পৰিস্কাৰ কৰি ৰাখে। গৰম পানী, গ্ৰীণ টি, তুলসী-ডালচেনি ইত্যাদি খাব।
যদি জঠৰতা ঠাণ্ডাৰ বাবে হয়, তেন্তে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিব-
তেল মালিচ
জঠৰতা আঁতৰ কৰাৰ বাবে মালিচ হৈছে সৰ্বশ্ৰেষ্ঠ উপায়। ই ৰক্ত সঞ্চালন সঠিক কৰি ৰাখে। ইয়াৰ বাবে আপুনি জলফাই, নাৰিকল, তিল বা সৰিয়হৰ তেল পাতলকৈ গৰম কৰি তাৰ পিছত হাত, ভৰি আৰু অত্যাৱশ্যকীয় অংশবোৰ ভালদৰে মালিচ কৰিব।
গৰম পানীৰ সেক
ৰক্ত সঞ্চালন সংশোধন তথা সঠিক কৰিবলৈ গৰম পানীৰ সেক খুবেই কাৰ্যকৰী। হাত-ভৰি জঠৰ লাগিলে আপুনি গৰম পানীৰ বেগ বা বটলৰে সেক দিব।
ভিটামিনযুক্ত আহাৰ
এই সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি ভিটামিন বি, বি৬ আৰু বি১২যুক্ত খাদ্য গাখীৰ, চীজ, দৈ, বাদাম, কল, বীন, ওটমিল আদি গ্ৰহণ কৰিব।
হালধি গাখীৰ
শীতকালত হালধি দিয়া গাখীৰ খাব। ৰক্ত সঞ্চালন সঠিক ৰখাত হালধি যথেষ্ট সহায়ক। ই বিষ আৰু ফুলাৰ সমস্যাৰ পৰাও সকাহ দিয়ে।আপুনি হালধি পাচলি হিচাপেও খাব পাৰে।
ব্যায়াম
সাধাৰণতে মানুহে শীতকালত কমকৈ ব্যায়াম কৰে। কিন্তু ৰক্ত সঞ্চালন ঠিক মতে ৰাখিবলৈ আপুনি দৈনিক পাতল ব্যায়াম, যোগ কৰাৰ লগতে খোজ কাঢ়িব পাৰে।
ধূমপান
ধূমপানৰ পৰা আঁতৰি থাকিব। কিয়নো ধূমপানৰ ফলত প্ৰান্তীয় ধমনী ৰোগ হয়, যিয়ে ৰক্ত সঞ্চালনত গুৰুতৰ প্ৰভাৱ পেলায়।