শৰীৰত আইৰণৰ অভাৱ হ’লে কি খাব লাগে, কি নালাগে জানি লওঁক

আইৰণ হৈছে এক অতি অত্যাৱশ্যকীয় পুষ্টি, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন যোগান ধৰাৰ কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আইৰণক হিম'গ্ল'বিনৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। ইয়াৰ অভাৱৰ বাবে লোহিত ৰক্ত কণিকা গঠন নহয়। লোহিত ৰক্ত কণিকাৰ অভাৱৰ বাবে আইৰণৰ অভাৱ হোৱা আৰম্ভ হয়, যাক ৰক্তহীনতা বুলি জনা যায়। ভাৰতত পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা বেছি।

author-image
Asomiya Pratidin
New Update
শৰীৰত আইৰণৰ অভাৱ হ’লে কি খাব লাগে, কি নালাগে জানি লওঁক

ডিজিটেল ডেস্ক: শৰীৰত পুষ্টিৰ অভাৱ হ’লে বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে।শৰীৰৰ লাগতিয়াল পুষ্টিৰ অন্যতম হৈছে আইৰণ।আইৰণ হৈছে এক অতি অত্যাৱশ্যকীয় পুষ্টি, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন যোগান ধৰাৰ কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আইৰণক হিম'গ্ল'বিনৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। ইয়াৰ অভাৱৰ বাবে লোহিত ৰক্ত কণিকা গঠন নহয়। লোহিত ৰক্ত কণিকাৰ অভাৱৰ বাবে আইৰণৰ অভাৱ হোৱা আৰম্ভ হয়, যাক ৰক্তহীনতা বুলি জনা যায়। ভাৰতত পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা বেছি। শৰীৰত আইৰণৰ অভাৱ হ'লে কেতবোৰ লক্ষণে দেখা দিয়ে।আজি এই বিষয়ে জানো আহক-

Advertisment

আইৰণৰ অভাৱ কি? 

যিকোনো বয়সৰ ব্যক্তিৰ শৰীৰত আইৰণৰ অভাৱ হ'ব পাৰে।বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত, গৰ্ভৱতী মহিলা তথা বৃক্কৰ ডায়েলাইচিছ কৰা ৰোগীৰ শৰীৰত আইৰণৰ অভাৱ বেছিকৈ হয়। শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰিবলৈ আপুনি আহাৰত কিছুমান স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব।

আইৰণৰ অভাৱৰ কাৰণ কি?

আইৰণৰ অভাৱ তিনিটা মুখ্য কাৰণৰ বাবে হয়। যাৰ প্ৰথমটো হৈছে খাদ্যত আইৰণসমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত নকৰা। 

লক্ষণ 

যেতিয়া শৰীৰত আইৰণৰ অভাৱ হয়, তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা যায়-

. অলসতা 

. ভাগৰ 

. ছাল হালধীয়া হোৱা 

.  উশাহ লোৱাত অসুবিধা

. অজ্ঞান 

. মুৰৰ বিষ 

. হৃদস্পন্দনৰ হাৰ বৃদ্ধি

. বুকুৰ বিষ 

. হাত আৰু ভৰি ঠাণ্ডা হৈ যোৱা

. চুলি সৰা 

. মুখৰ কাষবোৰ ফাটি যোৱা 

. ডিঙিৰ বিষত ভোগা

. জিভা ফুলা

আইৰণৰ অভাৱ পূৰণ কৰিবলৈ কি খাদ্য খাব ? 

যদি শৰীৰত আইৰণৰ অভাৱ হয়, আপুনি আহাৰত সামুদ্ৰিক খাদ্য, সম্পূৰ্ণ শস্য, বীজ, মাহজাতীয় শস্য, সেউজীয়া শাক-পাচলি, মুৰ্গী মাংস, কণী, মাছ, সেউজীয়া মটৰ, গজালি অহা মগু আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

কি খাব নালাগে? 

শৰীৰত আইৰণৰ অভাৱ হ'লে কিছুমান খাদ্য পৰিহাৰ কৰিব।ইয়াৰ ভিতৰত চাহ, কফি, সুৰাৰ অন্যতম।

Also Read: কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ বাবে খাওঁক এইসমূহ খাদ্য