ডিজিটেল ডেস্ক: কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। যদি সময়মতে চিকিৎসা কৰা নহয়, ই ৰোগীৰ বাবে মাৰাত্মক হৈ পৰে।যদি এই ৰোগ প্ৰাথমিক পৰ্যায়ত ধৰা পৰে, তেন্তে ৰোগীজনৰ প্ৰাণ হানি হোৱাৰ সম্ভাৱনা কিছু পৰিমাণে কম থাকে।কিন্তু বহু সময়ত আমি কৰ্কট ৰোগৰ লক্ষণ সম্পৰ্কে গম নাপাওঁ।ইয়াৰ উদাহণস্বৰূপে ছালৰ কথাকেই ক'ব পাৰি। আমি ছালত হোৱা সৰু দাগ, ফুলা, খজুৱতিকে ধৰি কিছুমান সমস্যাক অতি সাধাৰণ বুলি ভাবি উপেক্ষা কৰো। কিন্তু প্ৰকৃততে এইসমূহ ছালৰ কৰ্কট ৰোগৰ লক্ষণ।
শৰীৰত অস্বাভাৱিকভাৱে বাঢ়ি অহা তিল ছালৰ কৰ্কট ৰোগৰ লক্ষণ।যদি ৫০ বছৰ বয়সৰ পিছত এনে হয়, তেন্তে নিশ্চিতভাৱে এবাৰ শৰীৰটোৰ পৰীক্ষা কৰাব।যদি তিলটো ৬ মি.মি.তকৈ ডাঙৰ হয়, তিলত খজুৱতি হয়, জ্বলা-পোৰা আৰু তেজ ওলাই আহে, তেতিয়া শীঘ্ৰে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
ছালত যদি ঘাঁ বা শালমন হৈ দীৰ্ঘদিনলৈ ভাল নহয়, তেন্তে ই ছালৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। এনে সমস্যা হ’লে সোনকালে চিকিৎসক পৰামৰ্শ ল'ব।
যদি ছালৰ যিকোনো অংশ ফুলি থাকে, তেনেহ'লে লগে লগে শৰীৰ পৰীক্ষা কৰাব। কিয়নো এইটোও হৈছে ছালৰ কৰ্কট ৰোগৰ অন্যতম লক্ষণ।
ছালৰ যিকোনো অংশৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰিলেও সাৱধান হ’ব।
যদি আপোনাৰ ছালখন নিৰন্তৰভাৱে খজুৱাই থাকে বা জ্বলা-পোৰা হৈ থাকে, ই ছালৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।
বি.দ্ৰ: যদি আপুনি এই লক্ষণবোৰৰ যিকোনো এটা বা ছালৰ পৰিৱৰ্তন লক্ষ্য কৰে, লগে লগে এজন চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব।