এই ৰোগত মহিলাতকৈ অধিক হাৰত আক্ৰান্ত হয় পুৰুষ

এই ৰোগত মহিলাতকৈ অধিক হাৰত আক্ৰান্ত হয় পুৰুষ

ডিজিটেল ডেস্ক: দিনক দিনে অভাৱনীয় হাৰত বৃদ্ধি হৈছে মলাশয়ৰ কৰ্কট ৰোগ। বয়স বৃদ্ধি হোৱাৰ লগে লগে এই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়। বিশেষকৈ অন্ত্ৰত প্ৰদাহৰ সমস্যা থকা লোকসকল এই ৰোগত সোনকালে আক্ৰান্ত হয়। পাকস্থলী সম্পৰ্কীয় ৰোগ, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, জাংক ফুড খোৱাৰ অভ্যাস, মেদবহুলতা, সুৰা বা ধঁপাত সেৱনেও এই ৰোগৰ বিপদাশংকা বৃদ্ধি কৰে।

শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা মতে, মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা মহিলাতকৈ পুৰুষৰ বেছি হয়। এই ৰোগৰ লক্ষণ আৰম্ভণিতে দেখা নাযায়, কিন্তু যেতিয়া এই কৰ্কট ৰোগৰ টিউমাৰটো বৃহদান্ত্ৰৰ ভিতৰলৈ যায়, তেতিয়া শৰীৰৰ পৰা বহুতো লক্ষণে দেখা দিয়ে।শৌচত তেজ, পাকস্থলীৰ সমস্যা, দুৰ্বলতা, ভাগৰ আৰু হঠাতে ওজন হ্ৰাস হোৱাটো হৈছে মলাশয়ৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণ। স্ক্ৰীণিং আৰু ৰোগ নিৰ্ণয় পদ্ধতি, যেনে এফ.অ.বি.টি., এফ.আই.টি., চি.ই.এ. টিউমাৰ মাৰ্কাৰ আৰু কলোনোস্কোপীয়ে কৰ্কট ৰোগ যথেষ্ট প্ৰতিৰোধ কৰিব পাৰে। ৫০ বছৰ বয়সৰ পৰা কৰ্কট ৰোগৰ বাবে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত। একে সময়তে, মলাশয়ৰ কৰ্কট ৰোগৰ পাৰিবাৰিক ইতিহাস থকা লোকসকলে ৩০ বছৰ বয়সৰ পৰা নিয়মীয়া স্ক্ৰীণিং কৰাব লাগে।

কিদৰে কৰিব মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ ?

মলাশয়ৰ কৰ্কট ৰোগ পৰিহাৰ কৰিবলৈ, নিয়মীয়া ব্যায়াম, ওজন নিয়ন্ত্ৰণ আৰু উচ্চ-আঁহ, কম চৰ্বিযুক্ত আহাৰৰ সৈতে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগে। নিয়মীয়া স্বাস্থ্য পৰীক্ষায়ে কেৱল কৰ্কট ৰোগ প্ৰতিৰোধত সহায় নকৰে, কিন্তু ই ৰোগীৰ সফল চিকিৎসা কৰি তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰে।

এই ৰোগত মহিলাতকৈ অধিক হাৰত আক্ৰান্ত হয় পুৰুষ
আপুনি পাকঘৰত কৰা এই ভুলৰ বাবে হয় কৰ্কট ৰোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in