এণ্টিবায়টিকৰ দৰেই বহু সংক্ৰমণৰ পৰা পৰিত্ৰাণ দিব এই টেবলেটে

এণ্টিবায়টিকৰ দৰেই বহু সংক্ৰমণৰ পৰা পৰিত্ৰাণ দিব এই টেবলেটে

ডিজিটেল ডেস্ক: শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে মানুহৰ মলৰ পৰা আহৰণ কৰা বেক্টেৰিয়াৰ দ্বাৰা ঔষধ প্ৰস্তুত কৰিব পাৰি। এই ঔষধ অন্ত্ৰৰ সংক্ৰমণত ভুগি থকা ৰোগীসকলৰ চিকিৎসাত ব্যৱহাৰ হ'ব।সঘনাই ক্লষ্ট্ৰিডিয়াম ডিফিচাইল সংক্ৰমণত ভুগি থকা ৰোগীসকলৰ ওপৰত এই অধ্যয়ন চলোৱা হৈছিল। এনে সংক্ৰমণত আক্ৰান্ত হ’লে এজন ব্যক্তিৰ প্ৰথমে ডায়েৰিয়া হয় আৰু পাছত তেওঁৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। বিজ্ঞানীসকলৰ মতে, যিকোনো ধৰণৰ পাকস্থলীৰ সমস্যা হ'লে মানুহে বিভিন্ন ধৰণৰ এণ্টিবায়টিক ব্যৱহাৰ কৰে, যিয়ে সংক্ৰমণৰ আশংকা আৰু অধিক বৃদ্ধি কৰে। কিয়নো এণ্টিবায়টিকে প্ৰায়ে ভাল বেক্টেৰিয়া নাইকিয়া কৰে আৰু ইয়াৰ দ্বাৰা চি. ডিফিচাইলৰ দৰে ক্ষতিকাৰক বেক্টেৰিয়াক অন্ত্ৰত বিকশিত হোৱাত সহায়ক হৈ পৰে।

আলবাৰ্টাৰ কেলগাৰী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে কয় যে, অধ্যয়নটোৰ কিছুমান ৰোগী এণ্টিবায়টিক চিকিৎসা আৰু পুনৰাবৃত্তি হোৱা চি. ডিফিচাইল সংক্ৰমণত আক্ৰান্ত আছিল। অধ্যয়নৰ অংশগ্ৰহণকাৰীসকলে অধ্যয়নটোৰ আগতে কমেও চাৰিবাৰ চি. ডিফিচাইলৰ চিকাৰ  হৈছিল। একে সময়তে, যেতিয়া তেওঁলোকক মানুহৰ মল-মূত্ৰৰ পৰা তৈয়াৰ কৰা টেবলেট দিয়া হৈছিল, প্ৰায় সকলো প্ৰভাৱিত অংশগ্ৰহণকাৰী চি. ডিফিচাইল সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰায় তিনি মাহৰ পৰা ১ বছৰলৈ কোনো ধৰণৰ সংক্ৰমণৰ সন্মুখীন হবলগীয়া হোৱা নাছিল।এই অধ্যয়নত অংশগ্ৰহণকাৰীসকলে ৫- ১৫ মিনিটৰ ভিতৰত ২৪ ৰ পৰা ৩৪ টা কেপচুল খাইছিল যদিও কোনেও বমি কৰা নাছিল।

একে সময়তে, অধ্যয়নটোৰ পাছত বিশেষজ্ঞসকলে এইটোও কৈছেল যে এই অধ্যয়নত কেৱল এজন অংশগ্ৰহণকাৰী আছে যাৰ পুনৰ সংক্ৰমণ হৈছে। কিন্তু এইটো কেৱল এইকাৰণেই ঘটিছিল যে তেওঁ আন এটা সংক্ৰমণৰ বাবে এণ্টিবায়টিক গ্ৰহণ কৰি থকা সময়তে এই ঔষধ গ্ৰহণ কৰিছিল।

পুপ সংৰোপণ যাক সাধাৰণতে মাইক্ৰ'বায়োটা সংৰোপণ বুলিও কোৱা হয়, ইয়াক পূৰ্বে চি. ডিফিচাইল সংক্ৰমণৰ চিকিৎসাৰ এক কাৰ্যকৰী উপায় হিচাপে দেখা গৈছিল। কিন্তু আগতে ইয়াক নলী, নাক বা গেষ্ট্ৰোইনটেষ্টিনেল ট্ৰেক্টৰ জৰিয়তে বেক্টেৰিয়াৰ ৰূপ দিয়া হৈছিল,যি এটা অত্যন্ত ব্যয়বহুল প্ৰক্ৰিয়া আছিল।কিন্তু এতিয়া গৱেষকসকলে মানুহৰ মলৰ পৰা পোৱা বেক্টেৰিয়াক টেবলেটৰ ৰূপ দিছে, যি ব্যৱহাৰ কৰাও অতি সহজ আৰু কম ব্যয়বহুল।

এণ্টিবায়টিকৰ দৰেই বহু সংক্ৰমণৰ পৰা পৰিত্ৰাণ দিব এই টেবলেটে
ঔষধতকৈ কোনোগুণে কম নহয় এইসমূহ খাদ্য

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in