সকলো স্বাভাৱিক বুলি ভাবি লৈ আওকান নকৰিব

আমি প্ৰায়ে শিশুৰ কিছুমান কাম-কাজ স্বাভাৱিক বুলি ভাবি মন নিদিওঁ।প্ৰকৃততে তেওঁলোকে তেওঁলোকৰ অস্বস্তি স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰে।সেয়েহে এইবোৰৰ প্ৰতি মনোযোগ দিয়াটো জৰুৰী।

author-image
Asomiya Pratidin
New Update
সকলো স্বাভাৱিক বুলি ভাবি লৈ আওকান নকৰিব

child's ear problem

ডিজিটেল ডেস্ক: আমি প্ৰায়ে সৰু ল'ৰা-ছোৱালীৰ কিছুমান কাম-কাজ স্বাভাৱিক বুলি ভাবি একেবাৰেই মন নিদিওঁ।কিন্তু প্ৰকৃততে তেওঁলোকৰ প্ৰতিটো কামতেই আমি চকু দিব লাগে। যদি শিশু এটাই বাৰে বাৰে কাণত হাত দি থাকে, তেন্তে ই স্বাভাৱিক নহৈ কাণৰ বিষ বা কোনো অসুবিধা হোৱাৰ লক্ষণ হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ অস্বস্তি পোনপটীয়াকৈ প্ৰকাশ কৰিব নোৱাৰে, সেয়েহে এনে চিহ্নবোৰৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। 

Advertisment

কাণৰ বিষৰ সম্ভাৱ্য কাৰণ

সংক্ৰমণ

শিশুৰ কাণৰ সংক্ৰমণক অটাইটিছ মিডিয়া বুলি কোৱা হয়। এই সংক্ৰমণ প্ৰায়ে চৰ্দি বা ফ্লুৰ পিছত হয়।যেতিয়া বেক্টেৰিয়া বা ভাইৰাছবোৰ কাণত আৱদ্ধ হয়, তেতিয়া কাণৰ ভিতৰভাগ ফুলি যায় আৰু বিষ হয়।ইয়াৰ ফলত কাণত তৰল জমা হয়, যাৰ ফলত অসুবিধা হয়।

কাণত লেতেৰা জমা হোৱা

কেতিয়াবা অত্যাধিক লেতেৰা জমা হোৱাৰ ফলতো শিশুৰ কাণত অসুবিধাৰ সৃষ্টি হয়। কাণত লেতেৰা জমা হলে কাণত বিষ, খজুৱতি বা বন্ধ অনুভৱ কৰিব পাৰে।সেয়েহে সময়ে সময়ে শিশুৰ কাণ পৰীক্ষা কৰি থাকিব লাগে।

ছাইনাছ সংক্ৰমণ 

ছাইনাছ আৰু কাণ আন্তঃসংযোগযুক্ত, সেয়েহে যদি শিশুৰ চাইনাছ সংক্ৰমণ হয়, ই কাণত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত কাণত চাপ, বিষ আৰু অসুবিধা হ'ব পাৰে।

দাঁত 

সৰু শিশুৰ দাঁত গজাৰ সময়তো কাণৰ বিষ হ'ব পাৰে।যাৰ ফলত তেওঁলোকে কাণত হাত দি নিজৰ অস্বস্তি প্ৰকাশ কৰে।

ফ্লু বা চৰ্দি

চৰ্দি বা ফ্লু হ'লেও কাণৰ বিষ হ'ব পাৰে। কিয়নো চৰ্দিৰ সময়ত নাক আৰু ডিঙিত জমা হোৱা শ্লেষ্মাই এষ্টাচিয়ান নলী বন্ধ কৰিব পাৰে, যাৰ ফলত কাণত চাপ পৰে।

কাণৰ আঘাত বা জ্বলা-পোৰা

শিশুৱে কেতিয়াবা সৰু সৰু বস্তু কাণত সুমুৱাই দিয়ে। যাৰ ফলত কাণত আঘাত বা জ্বলা-পোৰা হ'ব পাৰে। ইয়াৰ ফলত বিষ হ'ব পাৰে।

কাণৰ বিষ প্ৰতিৰোধ আৰু চিকিৎসা

 - যদি শিশুটোৱে নিৰন্তৰ কাণত হাত দি অস্বস্তি অনুভৱ কৰে। শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ লৈ যাব।   

- কাণত মলি জমা হোৱা পৰিহাৰ কৰিবলৈ শিশুৰ কাণৰ পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দিব।কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কাণত কোনো বস্তু সুমুৱাই নিদিব।চিকিৎসকৰ পৰামৰ্শ লৈহে কাণ পৰিস্কাৰ কৰিব।

- যদি কাণৰ সংক্ৰমণ হয়, চিকিৎসকে এণ্টিবায়টিক, পেইনকিলাৰ বা কাণৰ ড্ৰপ দিব পাৰে। চিকিৎসকে নিৰ্ধাৰণ কৰা ঔষধবোৰ সময়মতে ব্যৱহাৰ কৰিব।

- কাণৰ বিষ যদি চৰ্দি বা ফ্লুৰ ফলত হয়, চৰ্দি বা ফ্লুৰ চিকিৎসাৰ বাবে ঔষধ দিব।

- যদি কাণৰ বিষ দাঁত ওলোৱাৰ ফলত হয়, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত পেইনকিলাৰ জেল প্ৰয়োগ কৰক। ই দাঁতৰ বিষৰ লগতে কাণৰ অসুবিধাও হ্ৰাস কৰিব।

- শিশুটোক কাণত কোনো বস্তু নিদিবলৈ বুজাই দিব আৰু যদি শিশুটো অতি সৰু হয়, তেন্তে তেওঁ কাণত একো নিদিব বুলি তত্বাৱধান কৰক। ই আঘাত বা সংক্ৰমণৰ আশংকা হ্ৰাস কৰিব।

কেতিয়া লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে ?

- যদি ১-২ দিনত কাণৰ বিষ ভাল নহয় বা শিশুটো অতি শংকিত হৈ পৰিছে।

- কাণৰ পৰা পুঁজ ওলালে বা ৰক্তক্ষৰণ হ'লে।

- শিশুটোৰ শ্ৰৱণ শক্তি হ্ৰাস হ'লে।

- জ্বৰৰ সৈতে শিশুটোৰ কাণৰ বিষ হ'লে।

শিশুৰ কাণৰ বিষ এক সাধাৰণ সমস্যা হ'ব পাৰে, কিন্তু সঠিক সময়ত ইয়াৰ চিকিৎসা আৰু যত্ন লোৱা প্ৰয়োজন। যদি এনে সমস্যা বাৰে বাৰে হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু ইয়াৰ আঁৰৰ কাৰণ জানি লৈ সঠিক চিকিৎসা প্ৰাপ্ত কৰক।

Also Read: অভিভাৱকসকল সচেতন হওঁক, ভয়াৱহ ৰোগ দূৰ কৰিবলৈ সময়মতে লওঁক সন্তানৰ যত্ন