/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4b5d429c-29da-43c5-87e6-c51408692db1/AP_FOR_WEB_makkhan.jpg)
ডিজিটেল ডেস্ক: শুকান ফল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।মাখনাও হৈছে এবিধ শুকান ফল, যাৰ সোৱাদ অতি উত্তম। মাখনা আপুনি যিকোনো ঋতুতে গ্ৰহণ কৰিব পাৰে। ইয়াত বহু পৰিমাণত কেলৰি, প্ৰ'টিন, আঁহ, কেলচিয়াম থাকে। মাখানা মেগনেছিয়াম, পটাছিয়াম আৰু ফছফৰাছৰো অতি ভাল উৎস। আপুনি ইয়াক গুড়ৰ সৈতেও খাব পাৰে।গুড় আৰু মাখনা একেলগে খোৱাৰ বহু স্বাস্থ্য লাভালাভ আছে। কিয়নো মাখনাৰ সৈতে গুৰত প্ৰ'টিন, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম থাকে। দুয়োটা বস্তু একেলগে খালে আপুনি আৰু অধিক উদ্যমী আৰু শক্তিশালী হ'ব।আজি এই দুয়োটা বস্তু একেলগে খোৱাৰ লাভালাভ সন্দৰ্ভত জানো আহক-
তেজৰ অভাৱ দূৰ কৰে
শৰীৰত তেজৰ অভাৱৰ বাবে হিম’গ্ল’বিনৰ স্তৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ব্যক্তিজনে ভাগৰ, দুৰ্বলৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত শৰীৰৰ পৰা তেজৰ অভাৱ দূৰ কৰিবলৈ আপুনি মাখনা আৰু গুড় খাব পাৰে। গুড়ত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াক খোৱাৰ ফলত তেজ আৰু হিম’গ্ল’বিনৰ স্তৰ বৃদ্ধি হয়।
কোষ্ঠকাঠিন্যৰ পৰা সকাহ
মাখনা আৰু গুড় দুয়োটাতে আঁহ অতি ভাল পৰিমাণত পোৱা যায়। ইয়াক সেৱন কৰি আপুনি কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। এই দুটা বস্তুৰ মিশ্ৰণে পাচন শক্তিও উন্নত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b75e8c04-a16b-4704-b385-b1f2ac13cb6f/blood.jpg)
হাড় শক্তিশালী হয়
যদি আপোনাৰ হাড় আৰু গাঁঠিত বিষ হয়, তেন্তে আপুনি গুড় আৰু মাখনা খাব পাৰে। কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ মাখনা আৰু গুড় এই দুয়োটাতে ভাল পৰিমাণত পোৱা যায়। এই পুষ্টিবোৰে আপোনাৰ হাড় শক্তিশালী কৰাত সহায় কৰে। হাড় আৰু গাঁঠিৰ বিষ হ্ৰাস কৰিবলৈ আপুনি এই দুয়োটা বস্তু দৈনিক গ্ৰহণ কৰিব পাৰে।
ওজন বৃদ্ধি কৰে
যদি আপুনি আপোনাৰ ওজন বৃদ্ধি কৰিবলৈ বিচাৰে, তেন্তে আপুনি দুয়োটা বস্তুৰে তৈয়াৰ কৰা মিশ্ৰণ এটাও খাব পাৰে। মাখনা আৰু গুড়ত অতি ভাল পৰিমাণত কেলৰি পোৱা যায়। আনহাতে, গুৰক কাৰ্বোহাইড্ৰেটৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়।যিয়ে ওজন বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d0bb4b52-ccb7-45ff-bf51-b6fa7d774f01/majbuti.jpg)
শৰীৰটো উদ্যমী হৈ থাকে
যদি আপুনি বাৰে বাৰে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে, আপুনি মাখনা আৰু গুড়ও খাব পাৰে। এই দুয়োটা বস্তুতে কাৰ্ব অতি ভাল পৰিমাণত পোৱা যায়, যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে। ইয়াক সেৱন কৰি, আপোনাৰ শৰীৰ শক্তিশালী আৰু উদ্যমী হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/03a6998f-bc7e-4671-9387-ae27e3c8a2b5/energetic.jpg)
মিশ্ৰণটো কেনেদৰে খাব?
দুয়োটা বস্তু একেলগে খাবলৈ আপুনি প্ৰথমে কেৰাহীত গুড় গলাব। যেতিয়া গুড় টান হ'বলৈ আৰম্ভ কৰে, ইয়াত মাখনাখিনি দি দিব। মাখনাবোৰ গুড়ৰ সৈতে মিহলি হোৱাৰ লগে লগে, সেইবোৰ এয়াৰটাইট জাৰত ৰাখক। আপুনি ইয়াক প্ৰতিদিনে অলপ অলপকে খাব পাৰে।