মাধুৰী দীক্ষিতৰ স্বামী ড০ নেনেয়ে দিছে আঁঠু শক্তিশালী কৰাৰ পৰামৰ্শ, আপুনিও জানি লওঁক

মাধুৰী দীক্ষিতৰ স্বামী ড০ নেনেয়ে দিছে আঁঠু শক্তিশালী কৰাৰ পৰামৰ্শ, আপুনিও জানি লওঁক

ডিজিটেল ডেস্ক: মাধুৰী দীক্ষিতৰ স্বামী ড০ শ্ৰীৰাম নেনেও তেওঁৰ পত্নীতকৈ কম বিখ্যাত নহয়। ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থকা ড০ শ্ৰীৰাম নেনেৰ 'ডাক্টৰ নেনে' নামৰ এটা ইউটিউব চেনেল আছে।য'ত তেওঁ বিভিন্ন ৰোগীৰ সুবিধাৰ্থে স্বাস্থ্য সম্বন্ধীয় বহু পৰামৰ্শ আগবঢ়ায়। শেহতীয়াকৈ তেওঁ আঁঠু সম্পৰ্কে কেতবোৰ বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।আজি সেই বিষয়ে জানো আহক- 

শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে আঁঠুয়ে

শ্ৰীৰাম নেনেয়ে তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে অনুৰাগীসকলক কয় যে, আঁঠুৰ বৰ্ধিত সমস্যাসমূহৰ ভিতৰত আঁঠু প্ৰতিস্থাপন অস্ত্ৰোপচাৰ আজিৰ সময়ত একেবাৰে সচৰাচৰ হৈ পৰিছে।আঁঠুয়ে আমাৰ শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে। যাৰ বাবে আমি আঁঠু দুটাক প্ৰাকৃতিকভাৱে স্বাস্থ্যৱান ৰখাটো অতি গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, নিজকে শাৰীৰিকভাৱে সক্ৰিয় ৰাখিলে আঁঠু স্বাস্থ্যৱান হৈ থাকে। ইয়াৰ বাবে আপুনি নিয়মীয়াকৈ কেতবোৰ ব্যায়াম যেনে সাঁতোৰ, দৌৰা, চাইকেল চলোৱা আৰু খোজ কাঢ়িব পাৰে।

ব্যায়াম কৰাৰ আগতে 'ৱাৰ্মআপ' কৰিব 

নেনেয়ে কয় যে, কেৱল বগাবলৈকে নহয়, খোজ কাঢ়িবলৈ, বেঁকা হ'বলৈ, জঁপিয়াবলৈ, নৃত্য কৰিবলৈ,তলৰ পৰা কিবা তুলিবলৈ আপুনি আঁঠুৰ আশ্ৰয় ল'বই লাগিব। আঁঠু দুটা কান্ধ, ডিঙি আৰু পিঠিৰ দৰেই গুৰুত্বপূৰ্ণ।আঁঠুক সুস্থ কৰিবলৈ ব্যায়াম কৰাৰ আগতে 'ৱাৰ্মআপ' কৰাটো খুবেই গুৰুত্বপূৰ্ণ।

জোতা-ছেণ্ডেল বাছনি কৰোতে সাৱধান হ’ব

ইয়াৰ উপৰিও, আঁঠু স্বাস্থ্যৱান ৰাখিবলৈ জোতাৰ সঠিক বাছনি কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। নেনেয়ে উল্লেখ কৰিছে যে, মহিলাসকলে পিন্ধা হাই হিলবোৰেও আঁঠুক প্ৰভাৱিত কৰে।ইফালে,  ওজন হ্ৰাস কৰি মেৰুদণ্ড আৰু আপোনাৰ আঁঠুৰ চাপ হ্ৰাস কৰিব পাৰে। প্ৰকৃততে, চৰ্বিয়ে প্ৰদাহ বৃদ্ধি কৰে আৰু আৰ্থ্ৰাইটিছ ৰোগৰ সৃষ্টি কৰে।

শৰীৰৰ চাপৰ প্ৰতি মনোযোগ দিব

ড০ শ্ৰীৰাম নেনেয়ে লগতে জনায় যে, গধুৰ ওজন উঠোৱাৰ সময়ত আপোনাৰ শৰীৰৰ স্থিতিৰ প্ৰতি মনোযোগ দিব লাগে।কিবা সমস্যা থাকিলে আঁঠুত ব্ৰেচ পিন্ধিব লাগে।যদি আপোনাৰ শৰীৰৰ ভঙ্গী সঠিক নহয়, আঁঠুয়ে পাকস্থলীত চাপ দিব পাৰে, যাৰ ফলত কাৰ্টিলেজ ভাঙি যোৱাৰ আশংকা হ'ব পাৰে।যদি আপোনাৰ ভৰি বা আঁঠুত বিষ হয়, তেন্তে জোতা পিন্ধাৰ অভ্যাস কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে।

মাধুৰী দীক্ষিতৰ স্বামী ড০ নেনেয়ে দিছে আঁঠু শক্তিশালী কৰাৰ পৰামৰ্শ, আপুনিও জানি লওঁক
এইদৰে নিমিষতে দূৰ কৰক অসহ্য মূৰৰ বিষ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in