ঔষধতকৈ কোনো গুণে কম নহয় জামুৰ গুটি

গ্ৰীষ্মকালত হয়তা সকলোয়েই ক'লা জামুৰ সোৱাদ লৈ ভাল পায়। ক'লা জামু অতি পুষ্টি সম্পন্ন। ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিনৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে।কেৱল জামুয়েই নহয়, ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ পক্ষে খুব উপকাৰী।

author-image
Asomiya Pratidin
New Update
ঔষধতকৈ কোনো গুণে কম নহয় জামুৰ গুটি

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত হয়তো সকলোয়েই ক'লা জামুৰ সোৱাদ লৈ ভাল পায়। ক'লা জামু অতি পুষ্টি সম্পন্ন। ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিনৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে।কেৱল জামুয়েই নহয়, ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ পক্ষে খুব উপকাৰী।জামুৰ গুটি প্ৰকৃততে একপ্ৰকাৰৰ ঔষধ। গৱেষণাত প্ৰমাণ হোৱা মতে, ইয়াত এন্থোচাইনিন থাকে। যিয়ে কৰ্কট ৰোগ আৰু হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়াত সহায়ক হয়।জামু গুটিৰ আশ্বৰ্যজনক গুণাগুণৰ বিষয়ে আজি জানো আহক-

Advertisment

ওজন হ্ৰাস 

জামুৰ গুটি খাই আপুনি ওজন হ্ৰাস কৰিব পাৰে। ৰাতিপুৱা উঠি দৈনিক এক চামুচ ক'লা জামু পাউডাৰ খালে পেটৰ চৰ্বি হ্ৰাস হয়।ই আপোনাক স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে।

ছালৰ উজ্জ্বলতা

ছালৰ পৰা শালমইনা আৰু দাগ আঁতৰ কৰাত জামু গুটি খুবেই কাৰ্যকৰী।ইয়াক মুখত ব্যৱহাৰ কৰিবলৈ জামু গুটিৰ পাউডাৰত পানী মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰিব। ৰাতি মুখত ইয়াক প্ৰয়োগ কৰি পুৱা ধুই পেলাব।

ডায়েবেটিছ ৰোগ

জামুৰ গুটি আচলতে ডায়েবেটিছৰ ঔষধ।ইয়াত কাৰ্ব, প্ৰ'টিন, চৰ্বি, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, গালিক এচিড আদি উপাদান থাকে।যাক আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

পাচন তন্ত্ৰ 

জামুৰ লগতে ইয়াৰ গুটি খালে ই পাচন তন্ত্ৰক স্বাস্থ্যৱন কৰি ৰাখে। জামু গুটিৰ পাউডাৰ খাই  গেছ, এচিডিটি, পেটৰ বিষ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা মিনিটতে সকাহ পাব পাৰে।

উচ্চ ৰক্তচাপ

আজিৰ সময়ত ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো মানুহৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।কিন্তু জামুৰ গুটি খোৱাটোৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আপোনাক এশ শতাংশই সহায় কৰিব পাৰে।

কৰ্কট ৰোগ 

জামুৰ গুটিত পোৱা পলিফেনলৰ দৰে ফাইটোকেমিকেলবোৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াত অত্যন্ত উপকাৰী।ইয়াত এন্থো চাইনিন থাকে, যিয়ে কৰ্কট ৰোগ আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে। 

কিদৰে প্ৰস্তুত কৰিব জামু গুটিৰ গুৰি ?

জামু খাই গুটিখিনি এটা পাত্ৰত সংগ্ৰহ কৰি ভালদৰে ধুই ল’ব।তাৰ পিছত ৩-৫ দিন ৰ'দত ভালদৰে শুকুৱাই ল’ব। যেতিয়া গুটিখিনি ভালদৰে শুকায়, তেতিয়া পাউডাৰ প্ৰস্তুত কৰি কাঁচৰ বটলত ভৰাই থ’ব আৰু দৈনিক খালী পেটত কুহুমীয়া পানীৰ সৈতে ১ চাহ চামুচ পাউডাৰ খাব।

Also Read: ওজন কমাবলৈ মন যদি দৈনিক কণী খাওঁক