শিশুক সুস্থ্য-সৱল কৰি ৰখিবলৈ সেউজীয়া শাক -পাচলিয়েই পৰ্যাপ্ত নহয়

সেয়েহে, অভিভাৱকসকলে শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰয়োজন হ’লেই ব্যৱহাৰ কৰিব পৰাকৈ কেতবোৰ বিশেষ সামগ্ৰী অৰ্থাৎ ‘হাইজেনিক কিট’ সকলো সময়তে লগত ৰাখিব লাগে।এইসমূহ হৈছে-

author-image
Asomiya Pratidin
New Update
শিশুক সুস্থ্য-সৱল কৰি ৰখিবলৈ সেউজীয়া শাক -পাচলিয়েই পৰ্যাপ্ত নহয়

ডিজিটেল ডেস্ক: ক’ভিদৰ সন্ত্ৰাসৰ পিছত শিশুসকল এতিয়া মুক্ত মনে ঘৰৰ বাহিৰ ওলাব পাৰিছে। তেওঁলোক আগৰ দৰেই বিদ্যালয়লৈ যাব পাৰিছে, বন্ধুবৰ্গৰ সৈতে খেলিব পাৰিছে তথা অন্যান্য কাৰ্যকলাপতো জড়িত হব পাৰিছে।কিন্তু এতিয়াও পিতৃ-মাতৃসকলে তেওঁলোকৰ যত্নৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱা উচিত।কিয়নো ক’ভিড এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। শিশুসকল আৰু অসাৱধান। এই ক্ষেত্ৰত পিতৃ-মাতৃসকল সচেতন হোৱা খুবেই জৰুৰী। সেয়েহে, অভিভাৱকসকলে শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰয়োজন হ’লেই ব্যৱহাৰ কৰিব পৰাকৈ কেতবোৰ বিশেষ সামগ্ৰী অৰ্থাৎ ‘হাইজেনিক কিট’ সকলো সময়তে লগত ৰাখিব লাগে।এইসমূহ হৈছে-

Advertisment

মাস্ক

শিশুৰ ‘হাইজেনিক কিট’ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰীবিধ হ'ল মাস্ক। যেতিয়াই আপুনি তেওঁলোকৰ বাবে ‘হাইজেনিক কিট’ প্ৰস্তুত কৰে, ২-৩ টা মাস্ক তাত ৰাখিবলৈ নাপাহৰিব। ইয়াৰ ব্যৱহাৰে কেৱল ক’ৰনা ভাইৰাছৰ পৰাই নহয়, বহু প্ৰকাৰৰ সংক্ৰমণৰ পৰাও আপোনাৰ সন্তানক সুৰক্ষিত কৰিব।

হেণ্ড ছেনিটাইজাৰ

মাস্কখনৰ দৰেই শিশুৰ ‘হাইজেনিক কিট’ত হেণ্ড চেনিটাইজাৰ থকাটোও অতি গুৰুত্বপূৰ্ণ।শিশুৱে খেলি থাকোঁতে বা বিদ্যালয়লৈ যাওঁতে বহুতো বস্তু স্পৰ্শ কৰে, য'ত লেতেৰা থাকে। এনে পৰিস্থিতিত চেনিটাইজাৰে তেওঁলোকক বীজাণুৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। সেয়েহে যদি শিশুৰ ‘হাইজেনিক কিট’ত ছেনিটাইজাৰ থাকে, তেন্তে তেওঁলোকে অগণন ৰোগ আৰু সংক্ৰমণৰ পৰা বাচি থাকিব পাৰে।

বেবী ৱাইপছ

যেতিয়া ৫ৰ পৰা ১০বছৰীয়া শিশু ঘৰৰ বাহিৰলৈ যায়, বন্ধুবৰ্গৰ সৈতে খেলে বা দৌৰে, সিঁহত লেতেৰা হৈ পৰে।সেয়েহে যদি ৱাইপছ ‘হাইজেনিক কিট’ৰ অংশ হয়, তেনেহ'লে তেওঁলোকে লগে লগে পৰিস্কাৰ হৈ উঠিব।আনহাতে, ৱাইপছ এনে এবিধ সামগ্ৰী, যি আন বহু কামতো আপুনি ব্যৱহাৰ কৰিব পাৰে।

নেইল কাটাৰ 

শিশুৰ নখ অতি দ্ৰুতগতিত বৃদ্ধি হয়।নখ দীঘল হৈ থাকিলে বহুসময়ত তেওঁলোকে অজ্ঞাতে নিজকে আঘাত কৰে। কেতিয়াবা এনেও হয় যে, সন্তানৰ দীঘল নখৰ বাবে স্তন্যপান কৰোৱাৰ সময়ত মাতৃয়ে অস্বস্তি অনুভৱ কৰে। যদি নেইল কাটাৰ আৰু ফাইলাৰ ‘হাইজেনিক কিট’ত থাকে তেন্তে, দৰকাৰ হ’লেই আপুনি শিশুটিৰ নখ কাটি ফাইলাৰৰে জোঙা কাষবোৰ নৰম কৰিব পাৰি।

Also Read: অভিভাৱকৰ ভুলৰ ফল ভূগিব লগীয়া হ’ব পাৰে সন্তানে