হজমত সমস্যাৰ সৃষ্টি কৰে এইকেইবিধ পাচলিয়ে

শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ পাচলি খোৱাটো কিমান জৰুৰী, সেয়া হয়তো সকলোৰে জ্ঞাত।পাচলিত থকা আঁহ, ভিটামিন, খনিজ পদাৰ্থই শৰীৰক নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
পাচলি

ডিজিটেল ডেস্ক: শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ পাচলি খোৱাটো কিমান জৰুৰী, সেয়া হয়তো সকলোৰে জ্ঞাত। পাচলিত থকা আঁহ, ভিটামিন, খনিজ পদাৰ্থই শৰীৰক নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে। কিন্তু আয়ুৰ্বেদৰ মতে, কিছুমান পাচলিয়ে শৰীৰৰ ক্ষতি কৰে। সেই পাচলিবোৰ সোনকালে হজম নহয়। কি পাচলিয়ে হজমত সমস্যাৰ সৃষ্টি কৰি আপোনাক ৰোগীয়া কৰিব পাৰে, সেইসমূহৰ বিষয়ে আজি জানো আহক-

ফুলকবি 

আয়ুৰ্বেদৰ মতে, ফুলকবি ঠাণ্ডা। যাৰ বাবে ফুলকবি খালে পাকস্থলী ক্ষতিগ্ৰস্ত হয়। ই শৰীৰত বাত দোষ আৰু কফৰ পিত্তও হ্ৰাস কৰে। এনে পৰিস্থিতিত যদি আপুনি ফুলকবি খায়, তেনেহ'লে ই হজম সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে।

বিলাহী 

বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। যাৰ বাবে আমি সকলোয়ে ইয়াক আমাৰ খাদ্য তালিকাত অন্তৰ্ভূত কৰো। কিন্তু যদি প্ৰয়োজনতকৈ অধিক বিলাহী খোৱা হয়, ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াত থকা টেঙায়ে পাকস্থলীত এচিড বৃদ্ধি কৰিব পাৰে। বৰ্ধিত এচিডৰ ফলত আপোনাৰ হজম নহ'ব পাৰে। 

কেপচিকাম

কেপচিকামত থকা আঁহ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি বহুতেই কেপচিকাম ব্যৱহাৰ কৰো। কিন্তু কেপচিকামত পোৱা ক্ষতিকাৰক যৌগবোৰে হজমত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদৰ মতে, অত্যাধিক কেপচিকাম খালে পিত্তৰ বিকাৰ হয়। ইয়াৰ বাহিৰেও, যদি আপুনি ৰক্তচাপৰ ৰোগী, তেন্তে ইয়াক কম পৰিমাণে গ্ৰহণ কৰিব। 

পালেং শাক 

পালেং শাকক আইৰণৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক। কিন্তু আয়ুৰ্বেদৰ মতে, পালেং খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। যদি ইয়াক বাৰিষা কালত খোৱা হয়, তেন্তে হজমৰ সমস্যা যেনে এচিডিটি, বদহজম, পেটৰ বিষ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়।

বন্ধাকবি 

বাৰিষাৰ বতৰত বন্ধাকবিও খাব নালাগে। কিয়নো এই ঋতুত শাক-পাচলিত পোক-পতংগ থাকে, যিয়ে হজমত প্ৰভাৱ পেলাব পাৰে। আয়ুৰ্বেদৰ মতে, বাৰিষাত বন্ধাকবি খোৱাৰ ফলত এচিডিটি, পেটৰ বিষ, বদহজম আদি সমস্যা হয়।

বি.দ্ৰ: এই পাচলিবোৰ কম পৰিমাণে খোৱাটো ক্ষতিকাৰক নহয়, কিন্তু যদি আপুনি এইসমূহ প্ৰয়োজনতকৈ অধিক খায়, ই শৰীৰৰ ক্ষতি কৰিব পাৰে।

Also Read: একেখিনি চাহকে বাৰে বাৰে গৰম কৰি নাখাব, হ’ব পাৰে ভয়াৱহ বিপদ