/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6120a194-8ea6-4a43-9220-812273a9c137/2__22_.jpg)
ডিজিটেল ডেস্ক: হাৰ্ট এটেক বা হৃদ আক্ৰমণ আজিকালি একেবাৰে সাধাৰণ ৰোগৰ দৰেই হৈ পৰিছে। এই ৰোগ ভয়াৱহ হাৰত বৃদ্ধিৰ কাৰণ হৈছে আমাৰ জীৱনশৈলী। যাৰ বাবে এতিয়া সকলোয়ে জীৱনশৈলী সলনি কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো খুব জৰুৰী হৈ পৰিছে। এই ৰোগ প্ৰতিৰোধৰ উপায় বা লক্ষণ জানি সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ ল’লে হয়তো আপোনাৰ বহুমূলীয়া জীৱনটো বাচিব পাৰে।আজি হাৰ্ট এটেক প্ৰতিৰোধৰ উপায় তথা ইয়াৰ লক্ষণসমূহৰ বিষয়ে জানো আহক-
হাৰ্ট এটেকৰ লক্ষণ
- হাৰ্ট এটেকৰ প্ৰথম লক্ষণ হৈছে বুকুৰ বিষ। বুকুত চাপ, বুকুখন গধুৰ গধুৰ লগা, পেটৰ সোঁ, বাওঁ বা মাজভাগত বিষ হোৱাও ইয়াৰ অন্যতম লক্ষণ।
- হাৰ্ট এটেক হোৱাৰ আগতে, বমি, বদহজম, বুকু জ্বলা বা ওকালি অহা আদি সমস্যাও হয়। এই সমস্যাবোৰ সচৰাচৰ হোৱা সমস্যা যদিও যদি বাৰে বাৰে এনে হয়, তেন্তে চিকিৎসকৰ সৈতে অতি সোনকালে যোগাযোগ কৰিব।
- যদি বুকুৰ মাজত বিষ বা চাপ অনুভৱ কৰোতে এই বিষ আপোনাৰ ডিঙি বা হনুলৈ বিয়পে, ই হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে।
-হাৰ্ট এটেকৰ পূৰ্বে শৰীৰৰ বাওঁফালে বহুবাৰ বিষ হয়, ই লাহে লাহে বিয়পিবলৈ আৰম্ভ কৰে। যাৰ বাবে কিছুমান লোকৰ বাহুতো বিষ হয়।যদি আপুনি বুকুৰ লগতে বাহুত বিষ অনুভৱ কৰে, সাৱধান হ’ব।
- শীতৰ দিনতো অত্যাধিক ঘাম ওলোৱা।
- শ্বাসহীন বা ভাগৰুৱা অনুভৱ কৰা।
- অস্থিৰতা বা বুকুখন হেঁচা মাৰি ধৰাৰ দৰে অনুভৱ হোৱা।
হাৰ্ট এটেক প্ৰতিৰোধৰোধৰ কেইটামান সহজ উপায়
পৰ্যাপ্ত পৰিমাণ টোপনি প্ৰাপ্ত কৰিব
হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ ৰাতি ৬ৰ পৰা ৮ ঘণ্টা শান্তিৰে শুৱাটো অতি গুৰুত্বপূৰ্ণ।
এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব
জীৱনটোত ভাৰসাম্য ৰখাটো অতি গুৰুত্বপূৰ্ণ। নিজৰ বাবে সময় উলিয়াই নিতৌ ব্যায়াম, যোগ কৰিব আৰু পানী খাব।
আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিব
স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে আহাৰত সম্পূৰ্ণ শস্য, ফল, পাচলি, বীজ আৰু বাদামৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰিব।
চাপৰ পৰা আঁতৰি থাকিব
চাপপূৰ্ণ জীৱনে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়েহে জীৱনত এনে কাৰ্যকলাপ কৰিব যাতে আপোনাক চাপ মুক্ত কৰি ৰাখে।
সুৰা, ধূমপান পৰিহাৰ কৰিব
ধূমপান কৰিলে ই হৃদযন্ত্ৰকে ধৰি শৰীৰৰ বহুতো অংশলৈ অক্সিজেন প্ৰবাহ প্ৰতিহত কৰে।তদুপৰি, সুৰা সেৱন কৰা লোকসকলো সাৱধান হোৱা উচিত। কিয়নো অত্যাধিক সুৰাপানে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।
Also Read: ‘কিডনী ষ্ট’ন’ হ’লে কি খাব লাগে জানি লওঁক