গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ যিমান পাৰে তৰমুজ খাব

গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে পেটৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। তদুপৰি, তৰমুজ খালে ভোক হ্ৰাস হয়, যিয়ে ওজন কমোৱাত সহায় কৰে।

author-image
Asomiya Pratidin
New Update
গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ যিমান পাৰে তৰমুজ খাব

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে পেটৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। তদুপৰি, তৰমুজ খালে ভোক হ্ৰাস হয়, যিয়ে ওজন কমোৱাত সহায় কৰে। আজি তৰমুজৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক- 

Advertisment

শৰীৰ হাইড্ৰেটেড হৈ থাকে

তৰমুজত যথেষ্ট পানী থাকে। সেয়েহে তৰমুজ খালে শৰীৰৰ পৰা পানীৰ অভাৱ আঁতৰ হয়।তদুপৰি, ডিহাইড্ৰেচনৰ ফলত হোৱা সমস্যা যেনে পিঠিৰ বিষ, মূৰ ঘূৰোৱা, মুখ শুকান হোৱা আদি আঁতৰ কৰাতো ইয়াক উপকাৰী বুলি গণ্য কৰা হয়। গ্ৰীষ্ম ঋতুত ডিহাইড্ৰেচন আঁতৰাবলৈ আপুনি তৰমুজক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে। 

নিয়ন্ত্ৰণ কৰে ৰক্তচাপ 

তৰমুজত চিট্ৰুললাইন নামৰ এমিন’ এচিড থাকে।যি ৰক্তচাপৰ সৈতে যুঁজি থকা ৰোগীসকলৰ বাবে অতি উপকাৰী। যদি আপোনাৰো ৰক্তচাপৰ সমস্যা আছে, তেন্তে গ্ৰীষ্ম ঋতুত সঘনাই তৰমুজ খাব।  

হজম হয় স্বাস্থ্যকৰ 

গ্ৰীষ্মকালত তৰমুজ খোৱাটোৱে হজম সম্পৰ্কীয় সমস্যাৰ পৰাও সকাহ দিয়ে। ই খাদ্য হজম কৰাত সহায় কৰে। ইয়াত পোৱা আঁহে পাচন তন্ত্ৰশক্তিশালী কৰে। তৰমুজ খালে ডায়েৰিয়া, গেছৰ দৰে সমস্যাও হ্ৰাস হয়।

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা 

তৰমুজত ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।তদুপৰি, ইয়াত পোৱা আঁহে পাচন তন্ত্ৰ আৰু অন্ত্ৰত বিকশিত হোৱা বেক্টেৰিয়া দূৰ কৰাত সহায় কৰে।

হাপানীত উপকাৰী 

তৰমুজত লাইকোপেন পোৱা যায়। লাইকোপেন হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যি হাপানিত ভুগি থকা ৰোগীসকলৰ বাবে উপকাৰী।তদুপৰি, হাপনী ৰোগীৰ বাবে দৰকাৰী ভিটামিন-এও  তৰমুজত যথেষ্ট পৰিমাণত পোৱা যায়।

শক্তিশালী হয় পেশী  

তৰমুজ খোৱাৰ ফলত আমাৰ পেশীবোৰো শক্তিশালী হয়। তৰমুজত যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰলাইট আৰু এমিন’ এচিড চাইট্ৰুললাইন থাকে যি পেশীৰ বিষ উপশম কৰাতো সহায় কৰে।  

Also Read: গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব