আজিয়েই খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক তিঁয়হ

পৰিৱৰ্তনশীল বতৰৰ বাবে আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। এই স্বাস্থ্য সমস্যাবোৰ পৰিহাৰ কৰিবলৈ আমি খোৱা-বোৱাত বিশেষভাৱে যত্ন লোৱাটো অতি দৰকাৰ।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
০০০০০০০০০০০০০০০০০০০০০

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰৰ বাবে আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। এই স্বাস্থ্য সমস্যাবোৰ পৰিহাৰ কৰিবলৈ আমি খোৱা-বোৱাত বিশেষভাৱে যত্ন লোৱাটো অতি দৰকাৰ। এতিয়া গৰমৰ দিন আহিল। এই দিনকেইটাত শৰীৰটোক পৰ্যাপ্ত পানী যোগানৰ বাবে আমি কেতবোৰ বিশেষ খাদ্য খোৱাটো জৰুৰী। গ্ৰীষ্মকালত আমি সকলোয়ে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া এবিধ বিশেষ খাদ্য হৈছে তিয়ঁহ। ইয়াত ৯০ শতাংশ পানী থাকে, যিয়ে শৰীৰক ‘হাইড্ৰেটেড’ ৰখাত সহায় কৰে। তিয়ঁহত ভিটামিন-এ, চি, কে, পটাছিয়াম, আঁহ আদি পুষ্টিও পোৱা যায়, এই পুষ্টিবোৰে শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে।গৰম দিনত তিয়ঁহ খোৱাৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

Advertisment

স্বাস্থ্যৱান হৈ থাকে কিডনী 

তিয়ঁহত যথেষ্ট পৰিমাণৰ পানী থাকে। ই পটাছিয়ামৰ সহযোগত ইউৰিক এচিড আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। তিয়ঁহ খালে কিডনী ভালে থাকে আৰু পাথৰৰ দৰে কোনো সমস্যাৰ আশংকা নাথাকে।

হ্ৰাস কৰে ওজন 

তিয়ঁহ খাই আপুনি ওজন হ্ৰাস কৰিব পাৰে। কিয়নো তিয়ঁহত যথেষ্ট পৰিমাণে আঁহ থাকে।সেয়েহে তিয়ঁহ খালে পেট দীঘলীয়া সময়ৰ বাবে ভৰি থাকে।আনহাতে, তিয়ঁহত অতি কম পৰিমাণত কেলৰি থাকে। সেয়েহে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তিয়ঁহ সদায় খোৱা আৰম্ভ কৰিব পাৰে।

হাড় শক্তিশালী হয়

তিয়ঁহ খালে হাড় শক্তিশালী হয়। ইয়াত পোৱা ভিটামিন কে-য়ে হাড় স্বাস্থ্যৱান ৰখাত সহায় কৰে। নিয়মীয়া তিয়ঁহ খোৱাৰ ফলত হাড়ৰ ঘনত্ব বৃদ্ধি হয় আৰু হাড়ৰ সৈতে সম্পৰ্কিত সমস্যাও আঁতৰ হয়।

‘হাইড্ৰেটেড’ হৈ থাকে শৰীৰ 

গ্ৰীষ্মকালত বহুলোকৰ ‘ডিহাইড্ৰেচন’ৰ সমস্যা হয়।এনে পৰিস্থিতিত আপুনি তিয়ঁহ খাব পাৰে। ইয়াত পোৱা পানীয়ে শৰীৰটো ‘হাইড্ৰেটেড’ ৰখাত সহায় কৰিব।

অধিক উন্নত হয় হজম শক্তি

তিয়ঁহত থকা আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।নিয়মীয়া তিয়ঁহ খোৱাৰ ফলত হজম ভাল আৰু লগতে হজমৰ সমস্যাৰ পৰা হোৱা সমস্যা যেনে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি আঁতৰ হয়।

নিয়ন্ত্ৰণত থাকে  ৰক্তচাপ 

তিয়ঁহত পোৱা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি, ই শৰীৰত কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰো আঁতৰ কৰে।

Also Read: খাদ্য তালিকাৰ পৰা বাদ দিয়ক এইবিধ খাদ্য

health